অসমক গ্ৰীন এনাৰ্জি ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য

0
260

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ আমগুৰি সৌৰ প্ৰকল্প অসমৰ বুৰঞ্জীত মাইলৰ খঁুটি হৈ থাকিব৷ ৩১ মে’ত আমগুৰি জ্ঞান বিকাশ বিদ্যাপীঠ প্ৰাংগণত অনুষ্ঠিত ৭০ মেগাৱাট সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক গ্ৰীন এনাৰ্জি ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে৷
 তেওঁ কয় যে অসমত জল আৰু সৌৰশক্তিৰ দ্বাৰা এহেজাৰ মেগাৱাট বিদু্যৎ উৎপাদনৰ লক্ষ্য কৰি লোৱা হৈছে৷ অসমে বিদু্যৎ উৎপাদনত স্বাৱলম্বী হ’ব পাৰিলে অসমৰ ৰাইজৰ উপকাৰ হ’ব৷ শক্তি মন্ত্ৰী বিমল বৰাই কয় যে অসম বিদু্যৎ পৰিষদ আজিৰ পৰা বিদু্যৎ উৎপাদনৰ ক্ষেত্ৰত আৰু এখোপ আগবাঢ়িল৷ 
অসমৰ ২১৫ মেগাৱাট সৌৰশক্তিৰ লগত আৰু ৭০ মেগাৱাট যোগ হ’ল৷ উল্লেখ্য যে ১৯৯০ চনৰ ২১ নৱেম্বৰত আধাৰশিলা কৰা আমগুৰি তাপবিদু্যৎ প্ৰকল্পই ৩২ বছৰৰ পাছত বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি বিদু্যৎ শক্তি উৎপাদন কৰিবলৈ সক্ষম হৈ উঠিল৷ 
১৯৮৫ চনত অসম চুক্তিৰ আধাৰত নিৰ্মাণ হ’ব লগা ৩৬০ মেগাৱাট গেছভিত্তিক তাপবিদু্যৎ প্ৰকল্পৰ বাবে আমগুৰি সমষ্টিৰ লালিম চাপৰিৰ ১১১ৰ বিঘা চৰকাৰী মাটিৰ লগতে ব্যক্তিগত মাটি অধিগ্ৰহণ কৰি অসম ৰাজ্যিক বিদু্যৎ পৰিষদক চমজাই দিয়া হৈছিল৷ সেই সময়তে প্ৰকল্পলৈ যোৱা পথ নিৰ্মাণ আৰু চাৰিসীমা নিৰ্ধাৰণ, কাৰ্যালয় নিৰ্মাণ আৰু কৰ্মচাৰী নিযুক্তি আদি সম্পূৰ্ণ কৰা হৈছিল৷ 
তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ উদ্যোগত আৰু বিধায়ক প্ৰদীপ হাজৰিকাৰ অক্লান্ত  প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে ৩৬০ মেগাৱাটৰ বাবে প্ৰয়োজন হোৱা ২.প্ত mm semড্ড গেছৰো অনুমোদন জনাইছিল৷ ১৯৯৩-৯৪ চনত প্ৰকল্প নিৰ্মাণৰ সকলো প্ৰস্তুতি আৰু প্ৰাক্‌কলন প্ৰস্তুত কৰি আসাম পাৱাৰ পাৰ্টনাৰ্ছ নামৰ আমেৰিকাৰ এটা কোম্পানী আগবাঢ়ি আহিিছল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here