দেশত তৈয়াৰী চাৰিটা কফ ছিৰাপৰ বিষয়ে ডি চি জি আইৰ অনুসন্ধান

0
600

পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াত ৬৬টা শিশুৰ মৃত্যু হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লউ এইচ অ’-এ এই বুলি সতৰ্ক কৰি দিয়ে যে ভাৰতে ১৫ানি কৰা চাৰিটা কফ ছিৰাপ খোৱাৰ কাৰণে শিশুসকলৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ কাৰণ কাহৰ দৰবকেইটাত স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য থকাৰ প্ৰমাণ পোৱা গৈছে৷ ভাৰতৰ পৰা ১৫ানি কৰা কাহৰ চাৰিটা দৰব খুওৱাৰ পাছত বৃক্ক বিকল হৈ ৬৬টা শিশুৰ মৃত্যু হয়৷ ডব্লিউ এইচ অ’ৰ এই সতৰ্কবাণীৰ পাছত ভাৰত চৰকাৰে হাৰিয়ানাৰ মেছাৰ্ছ মেইডেন ফাৰ্মাচিউটিকেল্‌ছ লিমিটেডে উৎপাদন কৰা কাহৰ দৰব চাৰিটাৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে৷ ডব্লিউ এইচ অ’ৰ সতক¹কৰণ মতে, কাহৰ দৰব চাৰিটাৰ নাম ক্ৰমে প্ৰমেথাজিন অৰেল ছলুশ্যন, কফেক্সমালিন বেবী কফ ছিৰাপ, মে’কঅফ বেবী কফ ছিৰাপ আৰু মেগৰিপ্‌ এন ক’ল্ড ছিৰাপ৷ 
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শীৰ্ষ সূত্ৰই কয় যে ডব্লিউ এইচ অ’ই কাহৰ দৰবকেইটাৰ বিষয়ে ২৯ ছেপ্টেম্বৰত ভাৰতৰ ঔষধ মহা নিয়ন্ত্ৰকক [ডি চি জি আই] জনায়৷ লগে লগে চেণ্ট্ৰেল ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে হাৰিয়ানাৰ নিয়ামক কতৃৰ্পক্ষৰ ওচৰত বিষয়টো উত্থাপন কৰে৷ ভাৰতৰ ডি চি জি আয়ে দৰবকেইটাৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে৷ ডব্লিউ এইচ অ’ৰ মুৰববী টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে কয় যে বৃক্কৰ ক্ষতি আৰু ৬৬টা শিশুৰ মৃত্যুৰ সৈতে কাহৰ দৰব চাৰিটাৰ সম্পৰ্ক থাকিব পাৰে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰই কয় যে শিশুসকলৰ মৃত্যুৰ সঠিক কাৰণ ডব্লিউ এইচ অ’ই দিয়া নাই৷ দৰব চাৰিটাৰ নমুনা পৰীক্ষা কৰা হ’ব আৰু দুদিনৰ ভিতৰত তাৰ ফল পোৱা যাব৷ প্ৰশ্ন হৈছে যে গান্বিয়াত পৰীক্ষা কৰাৰ সময়ত দৰবকেইটাত ক্ষতিকাৰক দ্ৰব্য ধৰা নপৰিল কিয়? তেওঁলোকে লগতে কয় যে গাম্বিয়াই পৰীক্ষা নকৰাকৈ দৰবকেইটা ব্যৱহাৰ কৰিছিল নেকি সেই কথা ডব্লিউ এইচ অ’ই জনোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here