নোহোৱা হ’ব ১৫ বছৰ পুৰণি বাহন

0
168

প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে ১৫ বছৰৰ পুৰণি গাড়ীসমূহ ৰাজ পথৰ পৰা নোহোৱা কৰিবলৈ আঁচনি প্ৰস্তুত কৰিছে৷ সেই অনুসৰি পুৰণি গাড়ীসমূহ নষ্ট কৰি পেলাবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কাৰ্যকৰী কৰিবলৈ ওলাইছে স্ক্ৰেপেজ আঁচনিখন৷ এই আঁচনি অনুসৰি চৰকাৰে প্ৰথমে অহা ডিচেম্বৰ মাহৰ ভিতৰত ১৫ বছৰৰ পুৰণি সকলো চৰকাৰী বাহন স্ক্ৰেপেজ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ জানিব পৰা মতে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ১৫ বছৰৰ পুৰণি চৰকাৰী গাড়ীসমূহৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে৷ 
আনহাতে চৰকাৰী বাহনৰ উপৰি ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো  ১৫ বছৰৰ পুৰণি বাহন যাতে ৰাজপথত নচলে, তাৰ বাবেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে৷ এই ক্ষেত্ৰত ১৫ বছৰৰ পুৰণি বাহনসমূহ ৰাজপথত চলাবলৈ হ’লে অধিক কৰ আদায় দিব লাগিব৷ আনহাতে কোনো লোকে ১৫ বছৰৰ পুৰণি বাহনখন স্ক্ৰেপ কৰাৰ পাছত নতুন বাহন ক্ৰয় কৰিব খুজিলে তেওঁক ২৫ শতাংশ কৰ ৰেহাই দিয়াৰো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰখনে৷ উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ৰাজ্য চৰকাৰখনে নতুন স্ক্ৰেপেজ নীতি ২০২২ত অনুমোদন জনাইছিল৷ ইয়াৰ পাছতে  প্ৰথমেই  পুৰণি চৰকাৰী বাহনসমূহ নষ্ট কৰাৰ বাবে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা সিদ্ধান্ত বিশেষ লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here