আগ্নেয়গিৰি উদ্‌গিৰণৰ ফল : প্ৰশান্ত মহাসাগৰত নতুন দ্বীপ সৃষ্টি

0
622

অষ্ট্ৰেলিয়াৰ পৰা নাতিদূৰত সাগৰৰ তলত অলপতে এটা আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ কেইঘণ্টামানৰ পাছতে দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত নাছাই এটা সৰু দ্বীপ ধৰা পেলায়৷ চেণ্ট্ৰেল টংগা দ্বীপপুঞ্জত এইমাহৰ আগভাগত হ’ম ৰীফ নামৰ আগ্নেয়গিৰিটোৰ উদ্‌গিৰণ হৈছিল আৰু লাভা, বাষ্প আৰু ছাই নিৰ্গত হৈছিল৷ চৌপাশৰ পানীৰ ৰং সলনি হৈ গৈছিল৷ তাৰ মাত্ৰ ১১ ঘণ্টাৰ পাছত পানীৰ ওপৰলৈ এটা নতুন দ্বীপ ওলাই আহে৷ নাছাৰ আৰ্থ অবজাৰভেটৰিয়ে এই কথা কয়৷ অবজাৰভেটৰিটোৱে কৃত্ৰিম উপগ্ৰহৰ সহায়ত দ্বীপটোৰ ছবি ধৰি ৰাখে৷ নাছাই কয় যে নতুনকৈ জন্ম হোৱা দ্বীপটোৰ আকাৰ তৎক্ষণাৎ বাঢ়ি যায়৷ ১৪ ছেপ্টেম্বৰত দ্বীপটো আছিল ৪০০০ বৰ্গ মিটাৰৰ আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা ১০ মিটাৰ ওখ আছিল৷ কিন্তু ২০ ছেপ্টেম্বৰত আকাৰ ২৪ হাজাৰ বৰ্গ মিটাৰলৈ বাঢ়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here