দূষিত পানী সেৱনেই মৃত্যুৰ কাৰণ: ক’ত? Deaths due to consumption of contaminated water.

0
1318

আমি জানো যে পানীয়েই জীৱৰ প্ৰাণ৷ অইন বস্তু নহ’লেও চলিব পৰা যায় যদিও পানী অবিহনে জীয়াই থকাটো সকলো জীৱ-জন্তুৰ কাৰণে অসম্ভৱ৷ কিন্তু কেতিয়াবা এই অমূল্য সম্পদবিধ পান কৰি মৃত্যুকো সাবটিবলগীয়া হৈছে বহু সময়ত৷ কিয়নো য’ৰে-ত’ৰে দূষিত, বীজাণুযুক্ত পানী খোৱাৰ ফলত অস্বাভাৱিকভাৱে মৃত্যু হৈছে৷ তেনে এক অবাঞ্ছিত ঘটনা সংঘটিত হয় যোৱা ৫ অক্টোবৰত, কৰ্ণাটকত৷

কৰ্ণাটকৰ বিজয় নগৰ জিলাৰ দূষিত পানী খাই ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইগৰাকী লোক অসুস্থ হৈ পৰে৷ এই অস্বাভাৱিক ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাই৷ আনহাতে মুখ্যমন্ত্ৰীয়ে দূষিত পানী সেৱনৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ তিনি লাখকৈ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here