এইসকল লোকে হালধি খাওঁতে সাৱধান হোৱা উচিত (People who need to be careful while taking turmeric)

0
597
ৰান্ধনীশালৰ এক অন্যতম শুকান মছলা হৈছে হালধি৷ হালধিয়ে খাদ্য ৰঙচুৱা কৰাৰ লগতে ইয়াৰ আছে অনেক ঔষধি গুণ৷ শৰীৰৰ ৰোগ নিৰাময়ৰ পৰা আৰম্ভ কৰি সৌন্দৰ্যচৰ্চালৈ সকলোতে হালধি ব্যৱহাৰ কৰা হয়৷ হালধিৰ 'Real Hero' হৈছে ইয়াত থকা কাৰ্কিউমিন ৷ এই কাৰ্কিউমিনে আঁঠুৰ বিষ, কলেষ্টৰেল নিয়ন্ত্ৰণ, হাৰ্টৰ সমস্যা, পেট খোলোচা নোহোৱা এই সকলোবোৰ সমস্যা নিৰাময় কৰিব পাৰে৷ কিন্তু কিছুমান বিশেষ লোকে হালধি গ্ৰহণ কৰোঁতে সাৱধান হোৱা উচিত৷

(১) গৰ্ভৱতী তথা দুগ্ধপান কৰোৱা মহিলাসকলে হালধি সেৱন কৰোঁতে সাৱধান হোৱা উচিত৷ কিয়নো হালধিত কাৰ্কিউমিন থাকে আৰু এই কাৰ্কিউমিনে মাহেকীয়া হোৱাত অৰিহণা যোগায়, যাৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে গৰ্ভৱতী মহিলাসকলে হালধিৰ দ্বাৰা প্ৰস্তুত কৰা কোনোধৰণৰ ঔষধ সেৱন কৰাটো উচিত নহয়৷ অৱশ্যে মছলা হিচাপে খাদ্যত হালধি খালে কোনোধৰণৰ ক্ষতি নহয়৷

हल्दी का रंग दिलाएगा मातृत्व का संग,हल्दी के ये नुस्खे दूर करेंगे आपकी इनफर्टिलिटी


(২) যিসকল লোকৰ নাকেৰে সঘনাই তেজ ওলোৱাৰ সমস্যা থাকে, তেওঁলোকে হালধি সেৱন কৰোঁতে সাৱধান হোৱা উচিত৷ এনে লোকে অত্যধিক পৰিমাণে হালধি সেৱন কৰিলে তেজ গোট মৰা প্ৰক্ৰিয়া মন্থৰ হৈ যায়৷ যাৰ ফলত আপোনাৰ নাকেৰে তেজ বন্ধ নোহোৱাৰ সমস্যাই দেখা দিব পাৰে৷

How Do You Stop A Nose Bleed? Dr. Norman Swan - MyDr.com.au


(৩) ৰক্তহীনতাত ভোগা লোকসকলে হালধি সেৱন কৰোঁতে সাৱধান হওক৷ যিহেতু আইৰনৰ অভাৱত শৰীৰত ৰক্তহীনতাই দেখা দিয়ে, সেয়েহে প্ৰচুৰ হালধিৰ সেৱনে আইৰন শোষণত বাধা দিব পাৰে৷

Treatment and Complications of Different Types of Anemia | Everyday Health


(8) ডায়েবেটিছ ৰোগীসকলে নিজৰ ডায়েটত বিশেষ ধ্যান দিয়া উচিত৷ তেওঁলোকৰ ছুগাৰৰ পৰিমাণ একেবাৰে বেছি বা একেবাৰে কমি যোৱাটো ভাল কথা নহয়৷ হালধিত থকা কাৰ্কিউমিনে তেজত ছুগাৰৰ পৰিমাণ কমাই দিয়ে৷ সেয়েহে ডায়েবেটিছ ৰোগীসকলে হালধি খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

Suffering from diabetes? Five apps to help you manage your lifestyle better - The Economic Times


(৫) কিডনীৰ পাথৰ থকা লোকসকলৰ বাবে কাৰ্কিউমিন উপযুক্ত নহয়৷ অত্যধিক কাৰ্কিউমিনৰ সেৱনে Urinary oxalate-ৰ পৰিমাণ বৃদ্ধি কৰি কিডনীৰ পাথৰ হোৱাত অৰিহণা যোগায়৷

Kidney stones – Types, Diagnosis and treatment optionsPattnaik Urology Hospital

LEAVE A REPLY

Please enter your comment!
Please enter your name here