ভাৰতত দ্ৰুত টিকাকৰণে অ’মিক্ৰনৰ উগ্ৰতা কমাব : স্বাস্থ্য মন্ত্ৰ্যালয় || Fast vaccination will check severity of Omicron: Health Ministry

0
508
ক’ভিড-১৯ৰ অ’মিক্ৰন নামৰ নতুন ভেৰিয়েণ্টটোৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ বাহিৰৰ দেশবোৰত অ’মিক্ৰনৰ সংক্ৰমণ বঢ়াৰ খবৰ পোৱা গৈছে আৰু এই ভেৰিয়েণ্টটোৰ চাৰিত্ৰিক বৈশিষ্ট্যলৈ মন কৰিলে দেখা যায় যে ভাৰতকে ধৰি অধিক দেশলৈ ই বিয়পি পৰাৰ সম্ভাৱনা আছে৷ ‘অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ আৰু ৰোগটোৰ উগ্ৰতা কিমান হ’ব সেইটো এতিয়াও স্পষ্ট নহয়’– মন্ত্ৰ্যালয়ে কয়৷ মন্ত্ৰ্যালয়ে লগতে কয় যে ভাৰতত দ্ৰুত টিকাকৰণ আৰু ডেল্টা ভেৰিয়েণ্টৰ প্ৰতি হাই এক্সপ’জাৰৰ কাৰণে ছিৰ’ পজিটিভিটিয়ে প্ৰমাণ কৰা মতে ৰোগৰ উগ্ৰতা কম হ’ব বুলি আশা কৰা হৈছে৷ অৱশ্যে বৈজ্ঞানিক প্ৰমাণ এতিয়াও সম্পূৰ্ণকৈ পোৱা হোৱা নাই৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে বৰ্তমানৰ ভেক্‌চিনবোৰে অ’মিক্ৰনৰ বিৰুদ্ধে কাম নিদিয়ে বুলি ক’বলৈ কোনো প্ৰমাণ নাই৷ উগ্ৰতাৰ বিৰুদ্ধে ভেক্‌চিনে এতিয়াও সুৰক্ষা দিব বুলি আশা কৰা হৈছে আৰু বৰ্তমান ব্যৱহৃত হৈ থকা ভেক্‌চিনবোৰ লোৱাটো গুৰুত্বপূৰ্ণ৷ যিসকল ভেক্‌চিন লোৱাৰ যোগ্য কিন্তু এতিয়াও লোৱা নাই সেইসকলে ভেক্‌চিন লোৱা উচিত৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে যদি কোনোবাই ভেক্‌চিন লোৱা নাই, তেন্তে দুয়োপালি ভেক্‌চিন লোৱাটো প্ৰয়োজনীয়৷ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে আৰু বতাহৰ চলাচল যিমান পাৰি সিমান সুচল কৰি ৰাখিব লাগে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে ভাইৰাছটোৰ উপস্থিতি নিশ্চিত কৰিবলৈ কৰা আৰ টি-পি চি আৰ টেষ্টে ভাইৰাছটোৰ নিৰ্দিষ্ট জিন কিছুমান ধৰা পেলাব পাৰে, যেনে স্পাইক, এনভেল্প্‌ড আৰু নিউক্লিয়’কেপছিড্‌৷ অৱশ্যে অ’মিক্ৰনৰ ক্ষেত্ৰত স্পাইক জিনটো অতি বেছি মিউটেটেড্‌, কিছুমান প্ৰাইমাৰৰ ৰিজাল্টত এই জিনটোৰ উপস্থিতি ধৰা নপৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here