দুপৰীয়াৰ ৰ’দত বহি অমৰা খোৱাৰ স্মৃতি আপোনাৰ কিমান সজীৱ?

0
1785

অমৰা এবিধ সপুষ্পক উদ্ভিদ৷ গছজোপাৰ উচ্ছতা ২০ৰ পৰা ২৫ মিটাৰমান হয়৷ গছজোপা সাধাৰণতে জোপোহা হয়৷ অমৰা জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হয়৷ ফলটো কেঁচা অৱস্থাত সেউজীয়া যদিও পকিলে হালধীয়াৰ পৰা কমলা বৰণৰ হয়৷ ইয়াৰ স্বাদ কেঁহা-টেঙা৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল স্পণ্ডিয়াছ ম’মবিন (Spondias mombin)৷ দেশ বা সম্প্ৰদায় অনুসৰি অমৰাক নানা নামেৰে জনা যায়৷ দেউৰীসকলে অমৰাক চুবি, মিচিংসকলে দৰ্জে, ডিমাচাসকলে থাইচুডি, খাচিয়াত ডিয়েং ছিম্ফায়াৰ নামেৰে জানে৷ অমৰাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, কেৰ’টিন, ভিটামিন-এ, ভিটামিন-চি আদি থাকে৷ অমৰাত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে যদিও কেল’ৰি কম পৰিমাণে পোৱা যায়৷ অমৰাৰ পৰা জাম, জেলি, আচাৰ, শুকান মুখশুদ্ধি বনোৱা হয়৷ কিছুমানে অমৰাৰ কুমলীয়া পাত চাটনি হিচাপেও খায়৷ সৰু বা ডাঙৰ মাছৰ লগত অমৰাৰ জোলখনৰ সোৱাদেই সুকীয়া৷ প্ৰাচীন কালৰে পৰা অমৰাই ঔষধি হিচাপে স্থান লাভ কৰি আহিছে৷ অমৰাক বিভিন্ন ধৰণৰ সংক্ৰমণত বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়৷ কঁকালৰ বিষ, বাতবিষ, ডিঙিৰ অসুখ, প্ৰস্ৰাৱৰ পোৰণি, ৰক্তস্ৰাৱ আদি নানা ৰোগত অমৰাই মহৌষধৰ দৰে কাম কৰে৷ মেলেৰিয়া ৰোগত অমৰা উপকাৰী৷ আনহাতে পাকস্থলীৰ বিভিন্ন ৰোগ যেনে– ডায়েৰিয়া, পেটৰ বিষ আদিত অমৰাই ঔষধৰ কাম কৰে৷ অমৰাৰ পাতৰ ৰস আৰু ফুলৰ ৰস চকুৰ কনজাংক্‌টিভাইটছ অসুখত ব্যৱহাৰ কৰা দেখা যায়৷ অমৰাৰ পাত উতলাই সেই পানীৰে গা ঘুলে গাৰ খজুৱতি নাইকিয়া হয়৷ অমৰাৰ পাত পাইলছৰ চিকিৎসাৰ বাবে উপযোগী৷ ৰক্তক্ষৰণ বন্ধ কৰাত অমৰাই সহায় কৰে৷ অমৰা মহিলাৰ জননাংগৰ সংক্ৰমণৰ বাবে উপকাৰী৷ অমৰাই কৃমি আৰু গ্ৰহণী ৰোগ নিৰ্মূল কৰাত সহায় কৰে৷ প্ৰকৃতিয়ে দিয়া এনেহেন ঔষধি গুণসম্পন্ন উদ্ভিদবোৰৰ গুণাগুণবোৰ জানি আমাৰ খাদ্যৰ সৈতে খাই শৰীৰ সুস্থ, সবল কৰি ৰাখো আহঁক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here