গৰমৰ দিনত গৰম বস্তুহে খাওক

0
1551

আমি সকলোৱে গৰমৰ দিনত গা শাঁত পৰিবলৈ ঠাণ্ডা বস্তু খাওঁ৷ সাধাৰণতে গৰমৰ দিনকেইটাত ঠাণ্ডা বস্তু খালে আমাৰ দেহ-মন জুৰ পৰি যায়৷ দেহটো সতেজ অনুভৱ কৰোঁ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে গৰমৰ দিনত ঠাণ্ডা খোৱাৰ পৰিৱৰ্তে একাপ গৰম চাহ বা যিকোনো গৰম পানীয় খালে দেহ-মন শাঁত পৰাৰ লগতে সতেজ অনুভৱ কৰা যায়৷ গৱেষণা কৰি পোৱা গৈছে যে শৰীৰৰ উষ্ণতাতকৈ যদি অধিক উষ্ণতাৰ বস্তু বা পানীয় খোৱা হয়, তেতিয়া শৰীৰে অধিক মাত্ৰাত ঘাম উৎপন্ন কৰে৷ দেহৰ পৰা ওলোৱা এই ঘাম বাহিৰ হোৱাৰ ফলত শৰীৰটো শাঁত পৰে আৰু আমি সতেজ অনুভৱ কৰোঁ৷ শৰীৰৰ পৰা ওলোৱা ঘামৰ পৰিমাণ বেছি হ’লে শৰীৰটোৱে বেছিকৈ সতেজ অনুভৱ কৰে৷ কিন্তু দেহত বেছিকৈ কাপোৰ পিন্ধাৰ ফলত শৰীৰৰ পৰা ঘাম ওলায় যদিও ঘাম দেহতে থাকি যায় বাবে আমি তেতিয়া গৰম বস্তু খোৱাটো অনুচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here