বজ্ৰাসন কিয় আৰু কেনেকৈ কৰিব লাগে?

0
1494

যদি আপোনাৰ হাতত ৰাতিপুৱাৰ ভাগত মৰ্নিংৱাক কৰাৰ পৰ্যাপ্ত সময় নাই; তেন্তে বিশেষ চিন্তাৰ কোনো কাৰণ নাই৷ আপোনাৰ খোৱা খাদ্যবস্তু বহি বহিয়েই হজম হৈ যাব আৰু পাচনতন্ত্ৰও নিয়ন্ত্ৰণত থাকিব৷ হয়– এনেকুৱা বিভিন্ন ধৰণৰ ঘৰতে কৰিব পৰা আসন আছে, যাৰ নিয়মিত অভ্যাসে আপোনাক সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায় কৰিব পাৰে৷ তাৰ ভিতৰত এটা সহজ আসন হ’ল বজ্ৰাসন৷ এই আসন যিমান সহজ, তাতোকৈ ইয়াৰ লাভ অধিক৷ এই আসন কৰিবলৈ একো শাৰীৰিক কষ্ট কৰিব লগা নহয়৷ কেৱল নিজৰ পচন্দ অনুসৰি এটা শান্ত পৰিৱেশ বাছি লৈ সমতল ঠাইত বহি ল’ব লাগে৷ দুয়োখন ভৰি পিছলৈ কৰি আঁঠুৰ ওপৰত ভৰ দি মেৰুদণ্ড পোন কৰি বহি ল’ব লাগে৷ তাৰ পাছত দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখি ধ্যানমুদ্ৰা ধাৰণ কৰিব লাগে৷ এতিয়া চকুকেইটা মুদি গভীৰভাৱে উশাহ-নিশাহ লৈ মনটো খুব সহজ আৰু শান্ত কৰি ৰাখিব লাগে৷ এই আসন নিয়মিত কৰিলে পেটৰ বিভিন্ন সমস্যা, খাদ্য হজম হোৱা, বদহজম আদি নিৰ্মূল কৰি শৰীৰক শক্তিৰ যোগান ধৰে৷ শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া শক্তিশালী হয়৷ ভৰিৰ মাংসপেশী মজবুত হোৱাত বজ্ৰাসনে সহায় কৰে৷ বজ্ৰাসন কৰিলে মেৰুদণ্ড পোন আৰু শক্তিশালী হয়৷ মনৰ একাগ্ৰতা বৃদ্ধিত বজ্ৰাসনে প্ৰভূত পৰিমাণে অৰিহণা যোগায়৷ আন আসনৰ তুলনাত বজ্ৰাসন সুকীয়া, আমি খাদ্য গ্ৰহণ কৰি উঠিও বজ্ৰাসন কৰিব পাৰোঁ৷ সেয়েহে নিয়মিতভাৱে বজ্ৰাসন কৰি আমাৰ মন আৰু শৰীৰ ৰোগমুক্ত কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here