দীঘলীপুখুৰীত মাছৰ মৃত্যু কাৰণ কি?

0
1183
যোৱা ২৭ জুনৰ পুৱা গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ পুখুৰী দীঘলীপুখুৰীত অসংখ্য মাছ মৰি ওপঙি থকা দীঘলীপুখুৰীৰ পাৰৰ পথত প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে৷ লগে লগে দীঘলীপুখুৰীত জাক জাক মৃত মাছ ওপঙি থকা বিষয়টো প্ৰচাৰ হয়৷ ইয়াৰ পাছতে ৰাজ্যৰ মীন বিভাগৰ লোক আহি পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ মৃত মাছৰ পৰীক্ষাত জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰে৷ লগে লগে তৎকালীনভাৱে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত বিভাগে পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলায়৷ আচলতে বিগত দিনত পুখুৰীটো অৱহেলিত হৈ থকা বাবে সময়ে সময়ে পুখুৰীটোত মাছ আৰু অন্যান্য জলচৰ প্ৰাণীসমূহৰ মৃত্যু হয়৷ বিগত কেইবা বছৰ ধৰি পুখুৰীটো পৰিষ্কাৰ তথা চোৱাচিতা নকৰাকৈ থকাৰ বাবে বহু দিনৰ পৰা প্ৰদূষিত হৈ পৰা পানীত ইয়াৰ মাছসমূহ মৰি আছিল৷  ইফালে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পুখুৰীটোৰ পৰিৱেশ অৱক্ষয় হোৱাৰ কথা স্বীকাৰ কৰিছে৷ জানিব পৰা মতে, দীঘলীপুখুৰীত অক্সিজেনৰ পৰিমাণ কমি গৈ ২ পি পি এম হয়; যাৰ বাবে এইধৰণৰ ঘটনা হয়৷ সাধাৰণতে পানীত ৫১ পৰা ১০ পি পি এম থাকিলে অক্সিজেনৰ পৰিমাণ সুচল হৈ থকা বুলি ধৰা হয়৷ দীৰ্ঘদিন ধৰি পানীখিনি অব্যৱহৃত হৈ থকা তথা নাও চলাচল বন্ধ থকাৰ বাবেই পানীত অক্সিজেনৰ পৰিমাণ কমি গৈছে৷ মাছৰ বাবে প্ৰয়োজনীয় অক্সিজেন নথকাৰ বাবে এনেদৰে মাছৰ মৃত্যু ঘটিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here