দিব্যাংগসকলৰ বাবে চৰকাৰৰ কি এই বিশেষ পদক্ষেপ ? What special steps is government taking for the Physically Handicapped?

0
526
চৰকাৰে ঘোষণা কৰে যে দিব্যাংগসকল আৰু সীমিত চাল-চলন কৰিব পৰা (ৰেষ্ট্ৰিক্টেড মবিলিটি) লোকসকলক তেওঁলোকৰ ঘৰতে কভিডৰ ভেক্‌চিন দিয়া হ’ব৷ ইয়াত এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াসকলে লগতে কয় যে দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও দেশখনত কভিড-১৯ৰ দ্বিতীয় ঢৌ এতিয়া চলি আছে৷ অৱশ্যে  সংক্ৰমণ হোৱা লোকসকলৰ ভিতৰত ৬২.৭৩ শতাংশ কেৱল কেৰালাৰ আছিল৷ এক লাখৰ সক্ৰিয় কভিড ৰোগী থকা ৰাজ্যসমূহৰ ভিতৰত কেৰালা অন্যতম৷ দেশখনৰ ৩৩খন জিলাত সাপ্তাহিক পজিটিভিটিৰ হাৰ এতিয়াও ১০ শতাংশতকৈ বেছি হৈ আছে৷ আনহাতে, ২৩খন জিলাত সাপ্তাহিক পজিটিভিটিৰ হাৰ ৫-১০ শতাংশৰ ভিতৰত আছে৷ বিষয়াসকলে কয় যে আগন্তুক উৎসৱ ঋতুৰ বাবে জাৰি কৰা কভিড গাইডলাইনৰ অধীনত কণ্টেইনমেণ্ট জ’নবোৰ আৰু পজিটিভিটিৰ হাৰ ৫ শতাংশৰ বেছি হোৱা জিলাসমূহত জনসমাগম এৰাই চলিব লাগিব৷ তেওঁলোকে কয় যে দেশখনৰ ৬৬ শতাংশ প্ৰাপ্তবয়স্ক লোকক অন্ততঃ এপালি আৰু ২৩ শতাংশক দুয়োপালি ভেক্‌চিন দিয়া হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here