নহৰুৱে চুলি গজাত কেনেদৰে সহায় কৰে ? (How does garlic help in hair growth ?)

0
938


চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ নহৰু এটা অপৰিচিত নাম৷ সাম্প্ৰতিক কালত এক গৱেষণাত যি তথ্য পোৱা গৈছে, তাত উল্লেখ আছে যে জৈৱ গুণসম্পন্ন এই নহৰুৱে চুলি উজ্জ্বল তথা মজবুত কৰি ৰাখে৷ বিশেষজ্ঞই কোৱা মতে চুলি আৰু মূৰত নহৰুৰ ৰস লগালে নতুন চুলি গজে৷ তেলৰ নিচিনা চুলি আৰু মূৰত নহৰুৰ ৰস লগালে দ্ৰুতভাৱে নতুন চুলি গজিবলৈ আৰম্ভ কৰে৷ নহৰুৰ ৰসত প্ৰচুৰ পৰিমাণে এলিছিন পোৱা যায়, যিয়ে তেজৰ হিমগ্লবিনৰ সঞ্চালন বঢ়াই দিয়ে আৰু নতুন চুলি গজাত সহায় কৰে৷ নহৰুৱে ছালত থকা ব্ৰুন দূৰ কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ মনত ৰখা ভাল যে চুলিৰ সমস্যাটোও কিন্তু একধৰণৰ ছালৰে সমস্যা৷ চুলিৰ যত্নত নহৰুৰ কাৰ্যকৰী গুণ আছে৷ নহৰুত থকা কপাৰ আৰু জিংকে মূৰৰ তালুৰ তেজৰ চলাচল বঢ়াই তোলে৷ কি কি পদ্ধতিৰ দ্বাৰা নহৰুৱে চুলি গজাত অৰিহণা যোগায়, জানো আহক–

(১) নহৰুৰ পেক– এটা কণীৰ বগা অংশ ভালদৰে উলিয়াই লওক৷ তাত এচামুচ অলিভ অইল আৰু এচামুচ নহৰুৰ ৰস মিহলাই ভালদৰে মিশ্ৰণ কৰিব৷ এই মিশ্ৰণটো চুলিত ভালদৰে লগাই মাচাজ কৰিব লাগে৷ ৩০ মিনিটমান চুলিত ৰাখি ছেম্পু কৰি ধুই দিব লাগে৷ সপ্তাহত কমেও এবাৰ এই পেকটো ব্যৱহাৰ কৰিব পাৰে৷ নতুন চুলি গজাত ই সহায় কৰিব৷ নহৰুত থকা চেলিনিয়াম, ভিটামিন-E আৰু কণীত থকা প্ৰ’টিনে চুলি সৰা ৰোধ কৰিব৷

Simple remedies for hair growth – The Island


(২) নহৰুৰ তেল– মূৰৰ ইনফেশ্যন বা বেক্টেৰিয়াৰ সংক্ৰমণ নহ’বলৈ নহৰুৰ তেল ব্যৱহাৰ কৰিব পাৰে৷ এচামুচ নহৰুৰ তেলৰ সৈতে আধা চামুচ নাৰিকলৰ তেল মিহলাই চুলিত লগাব লাগে৷ এঘণ্টামান চুলিত ৰাখি তাৰ পাছত ধুই দিব লাগে৷ এনেধৰণৰ তেল লগালে চুলি গজাত যথেষ্ট সহায় কৰে৷

كيفية تحضير زيت الثوم للشعر - موضوع


(৩) নহৰুৰ ৰস– নতুনকৈ চুলি গজিবলৈ নহৰুৰ ৰস মূৰত লগাই মাচাজ কৰিলে সুফল পোৱা যায়৷ এই পদ্ধতিত নহৰুৰ ৰস মূৰত ভালদৰে লগাই কিছু সময় পাছত ধুই দিব লাগে৷

4 Ways to Make Garlic Juice - wikiHow


(8) নহৰু আৰু অলিভ অইল– অলিভ অইলৰ বটলত এটুকুৰা নহৰু থৈ দিয়ক৷ এইদৰে এসপ্তাহ বটলটো ৰাখিব৷ তাৰ পাছত সদায় ৰাতি এই তেল চুলিত ব্যৱহাৰ কৰক৷ পিছদিনা পুৱা চুলিখিনি ছেম্পুৰে ধুই দিয়ক৷ এসপ্তাহৰ ভিতৰতে আপোনাৰ চুলি সৰা বন্ধ হৈ নতুন চুলি গজিবলৈ আৰম্ভ কৰিব৷

How to Make Garlic Infused Olive Oil | Organic Facts


(৫) নহৰুৰ কণ্ডিশ্যনাৰ– প্ৰথমে কেইটামান নহৰুৰ ফোটা লৈ ভালদৰে ৰ’দত শুকাবলৈ দিয়ক৷ তাৰ পাছত ৰ’দৰ পৰা ফোটাকেইটা আনি গুৰি কৰি পাউডাৰ প্ৰস্তুত কৰক৷ ইয়াক চুলিত কণ্ডিশ্যনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ চুলি সৰা ৰোধ কৰাত এইবিধ কণ্ডিশ্যনাৰে যথেষ্ট সহায় কৰে৷

Dehydrated Garlic Powder, Dehydrated Garlic Powder, Dried Garlic Powder, Garlic Bulb Powder, Ground Garlic, Dry Garlic Powder - Moksh Flavours Industris, Ludhiana | ID: 20635539697

LEAVE A REPLY

Please enter your comment!
Please enter your name here