দাগহীন ছাল পাবলৈ কি কৰিব ? What to do for a spotless skin?

0
368

প্ৰাচীন কালৰে পৰা এলোভেৰা ইয়াৰ ঔষধি গুণৰ বাবে পৰিচিত৷ ইয়াত ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট, এমিন’ এচিড আদি নানান উপকাৰী উপাদান পোৱা যায়, যি আমাৰ ছালৰ সমস্যা নিৰাময়ত সহায় কৰে৷ এলোভেৰাই কিদৰে ছালখনক সহায় কৰে জানো আহক৷

Aloevera Gel – Ishwaryam


(১) এলোভেৰা আৰু মৌ ভালদৰে মিহলি কৰি ছালত লগালে ব্ৰুণ, তৈলভাব আদি দূৰ হয়৷


(২) এলোভেৰাত থকা এণ্টিঅক্সিডেণ্ট গুণে ৰ’দে পোৰা ছালখনৰ যত্নত সহায় কৰে৷


(৩) এলোভেৰা আৰু গোলাপ জল দুয়োবিধ একেলগে মিশ্ৰণ কৰি ট’নাৰ প্ৰস্তুত কৰি ছালত লগালে ছালৰ শুষ্কতা নোহোৱা হৈ ছাল মসৃণ আৰু উজ্জ্বল হয়৷


(8) নেমু, এলোভেৰা আৰু কণীৰ বগা অংশৰে এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো ১০ মিনিটমান ছালখনত লগাই পাছত কুহুমীয়া পানীৰে ভালদৰে ধুই দিয়ক৷ এনেদৰে কৰিলে ছালৰ আদ্ৰৰ্তা নাইকিয়া হোৱাৰ লগতে ছালৰ দাগ আঁতৰোৱাত সহায় কৰে৷


(৫) ছালৰ প্ৰদাহৰ সমস্যা থাকিলে এলোভেৰা সমৃদ্ধ প্ৰসাধন ব্যৱহাৰ কৰক৷ এলোভেৰাই ছালখনক শীতলতা প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here