কেইবাদিনো মূৰ নুধুলে মূৰ বিষায় কিয় ?Why does the headache if not washed for many days?

0
871
দীঘল চুলি সদায় ধোৱাটো বহুতৰে বাবে সহজ নহয়৷ কিয়নো দীঘল চুলি শুকুৱাবলৈ বহুত সময় লাগে আৰু বিশেষকৈ ঠাণ্ডা দিনত বেছি মূৰ ধুলেও শৰীৰৰ ভিতৰত ঠাণ্ডা সোমাই জ্বৰ-চৰ্দি আদি হোৱাৰ সম্ভাৱনা থাকে৷ মুঠতে কাৰণ যিয়েই নহওক কিয়, আমাৰ প্ৰত্যেকৰে সপ্তাহত খুব বেছি দুবাৰকৈ মূৰ ধোৱা পৰিলক্ষিত হয়৷ এনেদৰে কেইবাদিনো মূৰ নোধোৱাৰ পাছত আমাৰ প্ৰত্যেকৰে মূৰৰ বিষ হোৱাৰ অভিজ্ঞতা নিশ্চয় আছে৷ এতিয়া কথা হ’ল কেইবাদিনো মূৰ নুধুলে মূৰৰ বিষ হয় কিয়?
  • ইয়াৰ কাৰণ হ’ল আপুনি যদি তিনি দিনমান মূৰ নুধুৱে আৰু যদি আপোনাৰ মূৰৰ ছাল প্ৰাকৃতিকভাৱে তেলেতীয়া হয়, তেতিয়া সেই তেল চুলিৰ গুৰিত লাহে লাহে জমা হ’বলৈ ধৰে৷ যাৰ ফলত খজুৱতি-ইৰিটেশ্যন হৈ এটা সময়ত ফাংগল ইনফেকশ্যন হ’বলৈ ধৰে৷ এইবোৰ কাৰণতে সাধাৰণতে মূৰৰ বিষ হয়৷
Fungus linked to dandruff may worsen bowel disease
  • আন এটা কাৰণ হৈছে যেতিয়া আমি বহুদিনলৈ মূৰ নোধোওঁ, তেতিয়া আমাৰ মূৰৰ ছালত ধূলি-মাকতি আদি জমা হয় আৰু তেনেকৈয়ে যেতিয়া আমি চুলিখিনি খুব টানকৈ ওপৰলৈ বান্ধো, তেতিয়াও মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷
Your hairstyle can be the culprit behind your frequent headaches | The Times of India
  • ইয়াৰ উপৰি ড্ৰাই ছেম্পু, ছিৰাম, কণ্ডিশ্যনাৰ, হেয়াৰ স্প্ৰে’ আদিৰ অত্যধিক ব্যৱহাৰেও চুলিৰ গুৰি লেতেৰা হোৱাত অৰিহণা যোগায়৷ যাৰ বাবে মূৰৰ বিষ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here