দাঁত ব্ৰাছ কৰাৰ আগেয়ে পানী সেৱন কৰাটো কিয় জৰুৰী ?

0
514


এটা সুস্থ জীৱনৰ বাবে দৈনিক ৭-৮ লিটাৰ পানীৰ আৱশ্যক হয়৷ এই পৰিমাণৰ পানী শৰীৰে নাপালে নানা বিসংগতিয়ে দেখা দিব পাৰে৷ আনহাতে পুৱা শুই উঠিয়েই ব্ৰাছডাল লোৱাটো আমাৰ সকলোৰে এটা অভ্যাস৷ ৰাতিপুৱাই দাঁত ব্ৰাছ কৰাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ মৌলিক স্বাস্থ্যবিধি অভ্যাসসমূহৰ ভিতৰত অন্যতম৷ অধিকাংশ চিকিৎসকে টোপনিৰ পৰা উঠি ভালদৰে দাঁত ব্ৰাছ কৰিহে খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে৷ কিন্তু অধিকাংশ লোকৰে শুই উঠিয়েই খালী পেটত পানী খোৱাৰ অভ্যাসে গঢ় লয়৷ এতিয়া কথা হ’ল যে দাঁত ব্ৰাছ নকৰাকৈ পানী খালে শৰীৰৰ কাৰণে উপকাৰীনে? একেবাৰে শুদ্ধ আৰু শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷ দাঁত ব্ৰাছ কৰাৰ আগেয়ে পানী সেৱন কৰাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়, হজমৰ সমস্যা বা হাইড্ৰেশ্যনত সহায় কৰে৷ পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে পানী সেৱন কৰিলে শৰীৰৰ বাবে কি উপকাৰী জানো আহক৷
খালী পেটত পানী সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ বিশেষকৈ যিসকলে ঠাণ্ডা বা সাধাৰণ ফ্লুজনিত ৰোগ বেছিকৈ ভোগে, তেওঁলোকৰ কাৰণে অত্যন্ত ফলদায়ক৷
দাঁত ব্ৰাছ কৰাৰ আগতে খালী পেটত পানী সেৱন কৰিলে স্বাস্থ্যকৰ আৰু উজ্জ্বল ছালৰ অধিকাৰী হোৱাত সহায় কৰে৷
হজমৰ সমস্যা, কোষ্ঠকাঠিন্য, মুখৰ ঘা আদিত যিসকল লোকে ভুগি থাকে, তেওঁলোকৰ কাৰণে খালী পেটত পানী সেৱন কৰাটো অতি আৱশ্যক৷ আনহাতে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিতৰূপে এইদৰে পানী সেৱন কৰিলে ভাল ফল পোৱা যায়৷
উচ্চ ৰক্তচাপ, .ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে খালী পেটত পানী সেৱন কৰিলে ৰোগ নিৰাময় হয়৷
মুখৰ ভিতৰৰ বিভিন্ন সংক্ৰমণ, মুখত বেক্টেৰিয়াৰ আক্ৰমণ আদি হ্ৰাস কৰে পুৱা উঠিয়েই পানী সেৱন কৰাৰ ফলত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here