ঘামৰ দুৰ্গন্ধ নিৰাময়ৰ বাবে ঘৰুৱাভাৱে কি কৰিব ?

0
357

গৰমকালি শৰীৰৰ পৰা ঘাম ওলোৱা সকলোৰে ক্ষেত্ৰত দেখা যায়৷ প্ৰচণ্ড গৰমত শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধই সকলোকে অস্বস্তিত পেলায়৷ বিভিন্ন সভা-সমিতি, আত্মীয়-স্বজনৰ সৈতে, নাইবা বাহিৰৰ বিভিন্ন ক্ষেত্ৰত গাৰ ঘামৰ দুৰ্গন্ধই বিব্ৰতকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ উপায় হিচাপে বজাৰত পোৱা পাৰফিউম, ডিওডেণ্ট আদি ব্যৱহাৰ কৰা হয় যদিও এইবোৰে সাময়িকভাৱেহে ঘামৰ দুৰ্গন্ধ নিৰাময় কৰে৷ ঘামৰ দুৰ্গন্ধৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজনে বিভিন্ন কৌশল অৱলম্বন কৰা দেখা যায় যদিও ঘৰুৱা উপায়েৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ জানো আহক কি উপায় অৱলম্বন কৰিলে ঘামৰ দুৰ্গন্ধ নাইকিয়া হয়৷
ঘৰুৱাভাৱে ঘামৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ অন্যতম উপায় হৈছে তেজপাত৷ প্ৰথমে তেজপাতৰ এটা পেষ্ট প্ৰস্তুত কৰি ল’ব৷ গা ধোৱাৰ ১৫ মিনিটমান আগেয়ে এই পেষ্টটোৰে শৰীৰত মালিচ কৰি তাৰ পাছত গা ধোওক৷ কেইদিনমান এনে কৰাৰ পাছত দেখিব আপোনাৰ গাৰ দুৰ্গন্ধ ক্ৰমে নাইকিয়া হৈছে৷
অথবা কেইখিলামান তেজপাত আধা ঘণ্টাৰ সময় পানীত তিয়াই ৰাখক৷ ইয়াৰ পাছত পাতকেইটা ভালকৈ পিচি লওক৷ গা ধোৱাৰ আগেয়ে শৰীৰত যি ঠাইৰ পৰা ঘাম বেছি ওলায়, সেই ঠাইত লগাই ২০ মিনিট এনেদৰে থওক৷ তাৰ পাছত ভালদৰে গা ধুই লওক৷ ঘামৰ দুৰ্গন্ধ আপোনা আপুনি নোহোৱা হয়৷
এই পেষ্টটোৰ লগত চন্দন মিশ্ৰণ কৰি এটা প্ৰলেপ তৈয়াৰ কৰিব পাৰে৷ এই প্ৰলেপটো গা ধোৱাৰ আগেয়ে শৰীৰত সানি তাৰ পাছত গা ধুব৷ ইয়াৰ উপৰি ইয়াত কম পৰিমাণে কৰ্পূৰো ব্যৱহাৰ কৰিব পাৰে৷
আনহাতে পদিনাৰ পাতৰ এটা পেষ্ট তৈয়াৰ কৰি শৰীৰৰ যি অংশৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হয়, সেই অংশত এই প্ৰলেপটো ভালদৰে লগাই পাছত ভালদৰে গাটো ধুই দিয়ক৷ দেখিব ঘামৰ দুৰ্গন্ধ একেবাৰে নাইকিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here