তিনি কোটি টকাৰ গাঞ্জা উদ্ধাৰ : ক’ত ?

0
324

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ আন এক বৃহৎ সফলতা লাভ কৰে৷ এক বিশেষ অভিযানত নগাঁও আৰক্ষীয়ে চাপৰমুখ ৰে’ল জংছনত চলন্ত ৰে’লৰ পৰা যোৱা ২৫ এপ্ৰিলত ১১২ কেজি গাঞ্জা জব্দ কৰে৷ নগাঁও আৰক্ষীৰ অভিযানত আগৰতলা-ৰাণী কমলাপতি যাত্ৰীবাহী ০১৬৬৬ নম্বৰৰ ট্ৰেইনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা৷
জিলা অতিৰিক্ত  আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়া মতে হোজাই জিলা আৰক্ষীৰ পৰা পোৱা এক খবৰৰ ভিত্তিত চাপৰমুখ ৰে’লৱে জংছনত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষীৰ এটা দল৷ চাপৰমুখত জংছনত উপস্থিত হোৱা নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি যাত্ৰীবাহী বিশেষ ৰে’লখনত অভিযান চলাই ১৬টা গাঞ্জা পেকেট উদ্ধাৰ কৰে৷
উল্লেখ্য যে উক্ত দবাটোৰ বাথৰূমৰ পানীটেংকীৰ ভিতৰত গাঞ্জা সৰবৰাহকাৰীয়ে গাঞ্জাৰ পেকেটসমূহ লুকুৱাই আনিছিল৷ জব্দ কৰা গাঞ্জাৰ পৰিমাণ ১১২ কেজি আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় চাৰে তিনি কোটি টকা৷ আৰক্ষীয়ে গাঞ্জাসহ ৪জন লোকক আটক কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here