তেজপুৰৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰ সম্পূৰ্ণ

0
240

ৰাজ্যৰ সাতটা স্থানত স্থাপিত কেঞ্চাৰ কেয়াৰ চেণ্টাৰ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক্‌ক্ষণত ইয়াৰে অন্যতম তেজপুৰৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰীয়ে তেজপুৰৰ বিহগুৰিত স্থাপন কৰা কেঞ্চাৰ কেয়াৰ চেণ্টাৰত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ উল্লেখ্য যে টাটা আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে ৰাজ্যখনত ১৭খন কৰ্কট ৰোগৰ বিশেষ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ তিনিখন এনে চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য অব্যাহত আছে আৰু এই চিকিৎসালয়কেইখন এটা বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে কৰ্কট ৰোগত আক্ৰান্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুসংখ্যক লোকে বুজন পৰিমাণৰ টকা খৰচ কৰি বহিঃৰাজ্যত চিকিৎসা কৰিব লগা হয়৷ যথেষ্ট পৰিমাণৰ আৰ্থিক ব্যয় হোৱাৰ লগতে উপযুক্ত সময়ত চিকিৎসা লাভৰ পৰাও ৰোগীসকল বঞ্চিত হৈ আহিছে৷ তেনে পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা কৰ্কট ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত সহজে আৰু কম খৰচতে এই সুবিধা লাভ কৰিব৷ নৱনিৰ্মিত তেজপুৰ কেঞ্চাৰ হস্পিটেলত কেম’থেৰাপিৰ পৰা অত্যাধুনিক ৰেডিঅ’থেৰাপি আৰু অন্যান্য চিকিৎসা ব্যৱস্থাও উপলব্ধ হ’ব৷ ইতিমধ্যে কৰ্কট ৰোগ বিশেষজ্ঞকে ধৰি প্ৰয়োজনীয় চিকিৎসক আৰু কাৰিকৰী দক্ষতাসম্পন্ন লোকৰ উপৰি চিকিৎসা কৰ্মীসকলৰ নিযুক্তি সম্পূৰ্ণ হৈছে আৰু ২৯ এপ্ৰিলৰ পৰা চিকিৎসা সেৱা নিয়মীয়াকৈ আৰম্ভ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here