তামৰ পাত্ৰত পানী খাওক পাব আচৰিত লাভ

0
466

অসমীয়া সমাজত জলপান খোৱাৰ তামৰ পাত্ৰৰ ব্যৱহাৰ বহু আগৰে পৰা চলি আহিছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে খাদ্য ৰন্ধা, খোৱাত তথা পানী সেৱন আদিত তামৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ তেতিয়াৰে পৰা লোকসমাজত তামৰ পাত্ৰ বহুলভাৱে ব্যৱহাৰ হৈ আহিছিল যদিও সময়ৰ সোঁত, আধুনিক জীৱনৰ গতিময়তাত যেন সেই পৰম্পৰা হেৰাই যাবলৈ ধৰিছে৷ বৰ্তমান যুগত ফাইবাৰ, ষ্টিল আদিৰ বাচন-বৰ্তনে যেন সমাজ গ্ৰাস কৰি পেলাইছে৷ আমি সকলোৱে এইধৰণৰ সামগ্ৰীকে আঁকোৱালি লৈছোঁ৷ সময়ৰ ধামখুমীয়াত তামৰ পাত্ৰ হেৰাই গ’লেই তামৰ পাত্ৰৰ খাদ্য গ্ৰহণ কৰিলে পোৱা যায় আচৰিত গুণ৷ আয়ুৰ্বেদ শাস্ত্ৰ মতে তামৰ পাত্ৰ, জাগত পানী সেৱন কৰিলে শৰীৰৰ যথেষ্ট উপকাৰ হয়৷ ৰাতি তামৰ পাত্ৰত পানী ৰাখি পুৱাই খালী পেটত সেই পানী সেৱন কৰিলে নানা ৰোগ-ব্যাধি নিৰাময় হয়৷ জানো আহক কি উপকাৰ পোৱা যায় তামৰ পাত্ৰত পানী সেৱন কৰিলে৷
দেহত তাম বা কপাৰৰ পৰিমাণ কমি গ’লে থাইৰয়েডৰ সমস্যাই দেখা দিব পাৰে৷ সেয়ে তামৰ পাত্ৰত পানী সেৱন কৰিলে শৰীৰত তামৰ নাটনি দূৰ হয়৷ ইয়াৰ ফলত থাইৰয়েড গ্ৰন্থিৰ পৰা ক্ষৰিত বিভিন্ন হৰমনৰ সমস্যা সহজে নিৰাময় হয়৷
আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে তামৰ পাত্ৰত খাদ্য গ্ৰহণ কৰা ফলত হজমশক্তি বৃদ্ধি হয়৷ পেটৰ বিভিন্ন সমস্যা যেনে গেছ, এচিডিটি আদি নোহোৱা হয় তামৰ পাত্ৰত খাদ্য গ্ৰহণ কৰিলে৷ আনহাতে খাদ্যনলীত থকা বিভিন্ন অপকাৰী বেক্টেৰিয়া ধবংস কৰিবলৈ তামে সহায় কৰে৷ ইয়াৰ উপৰি তামৰ পাত্ৰত খাদ্য খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়৷
শৰীৰৰ বিভিন্ন অংশৰ ক্ষতস্থান তৎক্ষণাৎ শুকুওৱাত তামে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ সেয়েহে তামৰ পাত্ৰত পানী বা খাদ্যবস্তু গ্ৰহণ কৰা উচিত৷
তামত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ পুৱা খালী পেটত তামৰ পাত্ৰত থোৱা পানী সেৱন ক্‌ৰিলে প্ৰদাহৰ সমস্যাৰ পৰা সকাহ পোৱা যায়৷ যিসকলে বাতৰ সমস্যা ভুগিছে, তেওঁলোকে তামৰ পাত্ৰত পানী খালে সুফল পাব৷
যিসকল হূদৰোগ তথা উচ্চ
 ৰক্তচাপত আক্ৰান্ত হৈছে, তেনে লোকৰ বাবে তামৰ পাত্ৰত পানী সেৱন কৰাটো জৰুৰী৷ আনহাতে তামৰ পাত্ৰত পানী সেৱন কৰিলে কেঞ্চাৰ হোৱাৰ আশংকাও নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here