কৰ’নাৰ নতুন ছাব ভেৰিয়েণ্টৰ সংক্ৰমণ : ক’ত ?

0
383

দেশৰ ৰাজধানী নতুন দিল্লীত কৰ’না ভাইৰাছৰ এটা নতুন ছাব ভেৰিয়েণ্ট পোৱা গৈছে৷ দিল্লীৰ লোকনায়ৰ জয়প্ৰকাশ নাৰায়ণ হাস্পতাললৈ জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা ৯০ টা নমুনাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ প্ৰতিবেদন উল্লেখ কৰা অনুসৰি কৰ’নাৰ এই নতুন ছাব ভেৰিয়েণ্টটো হৈছে বি এ ২.৭৫৷ এল এ জে পি হাস্পতালৰ সঞ্চালক ডাঃ সুৰেশ কুমাৰে সদৰী কৰা অনুসৰি উক্ত নমুনাকেইটা পৰীক্ষা কৰাৰ সময়ত নতুন ছাব ভেৰিয়েণ্ট বি এ ২.৭৫১ বিষয়ে জানিব পৰা যায়৷ উক্ত ছাব ভেৰিয়েণ্টটোৰ ক্ষমতা অধিক বুলি কোৱা হৈছে৷
ইয়াৰ লগতে এই নতুন ছাব ভেৰিয়েণ্ট অতি দ্ৰুগগতিত সংক্ৰমণ হোৱা কথাও উল্লেখ কৰা হৈছে৷ ইতিমধ্যে শৰীৰত এণ্টিবডী থকা বা কৰ’না ভাইৰাছৰ টিকা লোৱাসকলকো এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলিও কোৱা হৈছে৷ এই নতুন ভেৰিয়েণ্টৰ উপস্থিতিৰ কথা জানিব পাৰি িল্লী চৰকাৰে অঝিক সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, ইয়াৰ অন্যথা ৫০০ টকা জৰিমনা ভৰিব লাগিব৷ নতুন ছাব ভেৰিয়েণ্ট ইয়াৰ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ সংকল্প গ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here