জানুৱাৰীৰ পৰা ক্ষুধা-পুষ্টিহীনতাত ১৩ হাজাৰ নৱজাতকৰ প্ৰাণহানি : ক’ত?

0
564

তালিবানে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা দেশখনত সকলো ক্ষেত্ৰতে অচলাৱস্থাই  বিৰাজ কৰিছে৷ বিশেষকৈ, যোৱা জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে ক্ষুধা আৰু পুষ্টিহীনতাত ভুগি কমেও ১৩ হাজাৰ শিশুৰ মৃত্যুমুখত পৰিছে৷ এই উদ্বেগজনক তথ্য খোদ ৰাষ্ট্ৰসংঘই সদৰী কৰিছে৷ ৰাষ্ট্ৰসংঘৰ তথ্যত প্ৰকাশ পোৱা মতে আফগানিস্তানত ৯৫ শতাংশ লোকে খাবলৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী নথকাৰ লগতে ৩০.৫ শতাংশ লাখ শিশুৰ বাবে তৎকালে পুষ্টি যোগানৰ প্ৰয়োজন আহি পৰিছে৷ সমস্যাৰে জৰ্জৰিত আফগানিস্তানত দৈনিক গড়ে ১৭০টি শিশু পুষ্টিহীনতাত আৰু ক্ষুধাত প্ৰাণহানি হৈছে৷  ৰাষ্ট্ৰসংঘৰ এক সূত্ৰে সদৰী কৰা মতে যোৱা জুলাই মাহত দেশখনত ক্ষুধাৰ্তৰ সংখ্যা ১৪ নিযুত হোৱাৰ বিপৰীতে বৰ্তমান এই সংখ্যা ২৩ নিযুতলৈ বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here