বিশ্বৰ সবাতোকৈ সুখী ৰাষ্ট্ৰ কোনখন?

0
290

ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাৰ বাৰ্ষিক এক তালিকাত একেবাহে পঞ্চম বছৰৰ বাবে ফিনলেণ্ডে বিশ্বৰ ভিতৰত আটাইতকৈ সুখী ৰাষ্ট্ৰৰ খিতাপ অৰ্জন কৰিছে৷ ইফালে একেবাৰে অসুখী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে আফগানিস্তান৷ আফগানিস্তানতকৈ এখাপ ওপৰত আছে লেবানন৷ আনহাতে ভাৰতে এই সুখৰ সূচকাংকত ১৩৬ সংখ্যক স্থান লাভ কৰিছে৷ উক্ত তালিকাত প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান আছে ১২৩ সংখ্যক স্থানত৷ শেহতীয়া এই তালিকা ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ আগতে সম্পূৰ্ণ কৰা হৈছিল৷ ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্ট-২০২২ নামৰ প্ৰতিবেদনখন প্ৰকাশ পাইছে ১৮ মাৰ্চ, ২০২২ত৷ ২০১২ চনৰ পৰা প্ৰকাশ পাই থকা প্ৰতিবেদনখন দুটা কথাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হয়৷ সমীক্ষাৰ দ্বাৰা উলিওৱা সুখ বা জীৱনৰ মূল্যায়ন আৰু মানুহৰ কল্যাণ নিধাৰ্ৰণ কৰা মূল উপাদান৷ ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্টত জনমূৰি জি ডি পি, সামাজিক সহায়, আয়ুস, জীৱনৰ পচন্দবোৰৰ বাবে স্বাধীনতা, বদান্যতা আৰু দুৰ্নীতিৰ ধাৰণা আদি কাৰকৰ ওপৰত ভিত্তি কৰি ১৫০টা স্থান নিৰ্মাণ কৰা হয়৷ এইবছৰ ১৪৬টা স্থান নিৰ্ধাৰণ কৰা হৈছে৷ তালিকাখনত সুখী ৰাষ্ট্ৰৰ স্থান পোৱা প্ৰথন দহখন ৰাষ্ট্ৰ যথাক্ৰমে– ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, ছুইজাৰলেণ্ড, নেদাৰলেণ্ড, লাক্সেমবাৰ্গ, চুইডেন, নৰৱে, ইজৰাইল আৰু নিউজিলেণ্ড৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here