নতুন ভাইৰাছ হাৰ্টলেণ্ড ক’ত ধৰা পৰিল?

0
531

গোটেই বিশ্বতে কৰ’না মহামাৰীৰ সন্ত্ৰাস মাৰ নৌযাওঁতেই এটাৰ পাছত আন এটা ভাইৰাছৰ আবিৰ্ভাৱ হৈ আহিছে৷ শেহতীয়াভাৱে ধৰা পৰিছে হাৰ্টলেণ্ড নামেৰে আন এক ভাইৰাছ৷ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াত ধৰা পৰিছে এই হাৰ্টলেণ্ড নামৰ ভাইৰাছবিধ৷ মিছৌৰি প্ৰদেশত এইবিধ ভাইৰাছবিধৰ ২০০৯ চনতে প্ৰথম উপস্থিতি ধৰা পৰিছিল৷ গৱেষকসকলে উল্লেখ কৰিছে যে এবিধ পোকৰ শৰীৰত এই ভাইৰাছবিধে আশ্ৰয় গ্ৰহণ কৰে৷ তাৰ পাছত ক্ৰমে মানুহৰ দেহলৈ সংক্ৰমিত হয় এই ভাইৰাছবিধ৷ এই ভাইৰাছত আক্ৰান্ত হৈ একদশক পূৰ্বে এজন লোকৰ মৃত্যু হৈছিল যদিও অৱশ্যে নতুনকৈ মানুহৰ দেহলৈ বিয়পি পৰাৰ তথ্য বিজ্ঞানীসকলে লাভ কৰা নাই৷ আন ভাইৰাছৰ তাণ্ডৱ লেখীয়া এইবিধ হাৰ্টলেণ্ড নামৰ ভাইৰাছবিধক লৈ এতিয়া সমগ্ৰ বিশ্ব আতংকিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here