জলবায়ুৰ পৰিৱৰ্তনে পৃথিৱীৰ উজ্জ্বলতা কমাইছে নেকি ? কি কয় বিজ্ঞানীয়ে ? Has climate change affected the brightness of the earth? What do scientists say?

0
857
সাগৰৰ উষ্ণ পানীয়ে পৃথিৱীৰ উজ্জ্বলতা কিঞ্চিৎ হ্ৰাস কৰিছে৷ এটা সমীক্ষাৰ মতে বৰ্তমান আমাৰ পৃথিৱীয়ে ২০ বছৰৰ আগতে কৰাতকৈ আধা ৱাট কম প্ৰতিফলন কৰে৷ ‘Geophysical Research Letters’ নামৰ পত্ৰিকাখনত প্ৰকাশ পোৱা এই সমীক্ষাত কেইবা দশকৰো ভূদীপ্তিৰ (Earthshine) জোখ ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে ভূদীপ্তি হৈছে চন্দ্ৰৰ পৃষ্ঠ পোহৰোৱা পৃথিৱীৰ পৰা প্ৰতিফলিত পোহৰ৷ গৱেষকসকলে উপগ্ৰহীয় জোখো বিশ্লেষণ কৰিছিল৷ তেওঁলোকে বিশ্লেষণ কৰি পালে যে যোৱা দুটা দশকত প্ৰতিফলন অনুপাত (Albedo) সাংঘাতিকভাৱে হ্ৰাস পাইছে৷ তেওঁলোকে এই গৱেষণাত জানিব পাৰিলে যে ২০ বছৰৰ আগতকৈ পৃথিৱীয়ে এতিয়া প্ৰতি বৰ্গমিটাৰত আধা ৱাট কম পোহৰ প্ৰতিফলন কৰে৷ ভূদীপ্তি বেছি পৰিমাণে হ্ৰাস পাইছে যোৱা তিনিটা বছৰত৷ উল্লেখ্য যে পৃথিৱীয়ে সূৰ্যৰ পোহৰৰ ৩০ শতাংশ প্ৰতিফলিত কৰে৷ পৃথিৱীৰ উজ্জ্বলতা হ্ৰাস, প্ৰতিফলন অনুপাতৰ হ্ৰাসৰ বাবে বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনকে দোষী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here