জলবায়ু পৰিৱৰ্তনৰ কুফল ! সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি

0
228

জলবায়ুৰ পৰিৱৰ্তন আৰু বিশ্বৰ উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ বেছি কুপ্ৰভাৱ পৰিছে দক্ষিণ মেৰু বা কুমেৰুত৷ বিজ্ঞানীসকলে এইবুলি প্ৰকাশ কৰিছে যে দক্ষিণ মেৰুত বৰফ ক্ষিপ্ৰ গতিত গলিবলৈ আৰম্ভ কৰিছে৷ যাৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা অধিক বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত উপকূলীয় অঞ্চলত থকা নগৰ মহানগৰসমূহ  সাগৰৰ পানীত বুৰ যাব৷ বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে দক্ষিণ মেৰুৰ বিশালকায় বৰফৰ হিমবাহসমূহ গতি গ্ৰীষ্মকালত অধিক ক্ষিপ্ৰ হ’বলৈ ধৰিছে৷ উল্লেখ্য যে লীডছ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এই অধ্যয়নটো কৰিছিল৷ গৱেষকৰ দলটোৱে ২০১৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে তোলা দক্ষিণ মেৰুৰ দহ হাজাৰ ফটো অধ্যয়ন কৰাৰ পাছত এই মত ব্যক্ত কৰে৷ এই অধ্যয়নৰ প্ৰতিবেদন জিঅ’ ছায়েন্সেজ জাৰ্নালত প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত দক্ষিণ মেৰুত বৰফ গলাৰ ফলত সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বানবোৰৰ বিষয়ে সতৰ্ক কৰি দিয়া হয়৷ প্ৰকাশিত তথ্য মতে কুমেৰুৰ হিমবাহসমূহ অধিক খৰস্ৰোতা হ’বলৈ ধৰিছে আৰু দাঁতিকাষৰৰ মহাসাগৰলৈ অধিক পানী বোৱাই নিছে৷ তেওঁলোকৰ মতে এই হিমবাহসমূহ বছৰত গড় হিচাপত প্ৰায় এক লাখ কিলোমিটাৰ যাত্ৰা কৰে৷ ইয়াৰ প্ৰভাৱ বতৰতো পৰিব৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি হিমবাহসমূহ গলি অধিক পানী বৈ যোৱাৰ ফলত ১৯৯২ চনৰ পৰা ২০১৭ চনলৈ সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ৮.৬ মিলিমিটাৰ বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here