সাৱধান ! অসমত H3N2 ইনফ্লৱেঞ্জা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

0
311


ক’ভিড ভাইৰাছৰ ত্ৰাসৰ পাছতে এইবাৰ দেশৰ আন ঠাইৰ লগতে অসমতো আৰম্ভ হৈছে H3N2 নামৰ ইনফ্লুৱেঞ্জা ভাইৰাছৰ সন্ত্ৰাস৷ শেহতীয়াভাৱে এই ভয়াৱহ ইনফ্লুৱেঞ্জা ভাইৰাছে দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ সংক্ৰমণ আৰম্ভ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে সতৰ্ক কৰি দিছে৷ আনকি যোৱা তিনি মাহত দেশৰ সহস্ৰাধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনো উদ্বিগ্ন হৈ পৰিছে৷ উল্লেখ্য যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে দীৰ্ঘদিন ধৰি কাহ আৰু জ্বৰত আক্ৰান্ত হয় ৰোগী৷ ৰোগীৰ জ্বৰৰ উপৰি তিনি সপ্তাহৰ পৰা এমাহপৰ্যন্ত কাহত ভুগিবলগীয়া হয়৷ এইদৰে আক্ৰান্ত হোৱাৰ ফলত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷ ইফালে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ সতৰ্ক কৰি দিছে৷ তেওঁ কয় যে এই ৰোগৰ প্ৰতিৰোধ তথা চিকিৎসা সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে৷ আনহাতে আই চি এম আৰে ক’ভিডৰ সময়ত যি এণ্টিবায়’টিক ব্যৱহাৰ কৰা হৈছিল, সেই এণ্টিবায়’টিক জধে-মধে ব্যৱহাৰ নকৰিবৰ বাবে চিকিৎসকলক সতৰ্ক কৰি দিছে৷ আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই একেবাৰে কেইবাদিনো জ্বৰত আক্ৰান্ত হৈ থকা ৰোগীসকলক চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ দিয়ে৷ তেওঁ তেনে ৰোগীক ফাৰ্মাচীৰ পৰা জধে-মধে ঔষধ ক্ৰয় কৰি নাখাবলৈও আহবান জনায়৷ আনহাতে জ্বৰত আক্ৰান্ত ব্যক্তিয়ে মাস্ক পৰিধান কৰি ঘৰৰ আছুতীয়া এটা কোঠাত থাকিবলৈও তেওঁ সকলোকে অনুৰোধ জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here