লিখা-পঢ়া কৰিবলৈ আদৰ্শ সময় কোনখিনি জানেনে ?

0
102

এই পৃথিৱীত এগৰাকী সুনাগৰিক তথা জ্ঞান বৃদ্ধিৰ বাবে লিখা-পঢ়াৰ কৰাৰ আন বিকল্প একো নাই৷ পঢ়া-শুনা কৰিলেহে বিশ্বৰ বিভিন্ন বিষয়ত ধাৰণা তথা জ্ঞান অৰ্জন কৰিব পাৰি৷ এজন অশিক্ষিত লোক তথা এজন অন্ধ লোকৰ মাজত একো পাৰ্থক্য নাই৷ অশিভিতজনে সকলো দেখিবও একো আয়ত্ত কৰিব নোৱাৰে, একো নেদেখা অন্ধ লোকজনৰ দৰে৷ সেয়ে শিক্ষাই মূল চাবিকাঠী৷ শিক্ষা গ্ৰহণ কৰি সুশিক্ষিত নহ’লে থাকিও নথকাৰ লেখীয়া৷ ইয়াৰ বাবে সৰুৰে পৰাই প্ৰাথমিক জ্ঞান অৰ্জন কৰিবলৈ বিদ্যালয়লৈ গৈ পঢ়া-শুনা কৰাটো অতিকে জৰুৰী৷ অৱশ্যে আজিৰ পৃথিৱীত শিক্ষিত লোকৰ সংখ্যা এশ শতাংশই হৈছেহি৷ এজন উপযুক্ত মানুহ হ’বলৈ সুশিক্ষাৰে শিক্ষিত হোৱাটো প্ৰয়োজন৷ প্ৰতিজন পঢ়ুৱৈয়ে সকলো সময়তে এটা কথা মন দিয়াৰ দৰকাৰ যে লিখা-পঢ়া কৰে যি গাড়ী-ঘোঁৰাত ঘূৰে সি৷ কিয়নো লিখা-পঢ়া কৰিলে সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰা, অজ্ঞতাৰ অন্ধকাৰৰ পৰা মানুহ চেতনাৰ আলোক ঘূৰাই পায়৷ কিন্তু লিখা-পঢ়াটোও যে বিজ্ঞানৰ দৰে এটা বিষয় সেইটো মনত ৰখা ভাল৷ ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ শিক্ষাৰ লগতে গৃহ শিক্ষকৰ দ্বাৰা পঢ়া-শুনা কৰাৰ এটা নিয়মৰ লেখীয়া কাম হিচাপে ধৰা হয় যদিও ঘৰত নিজে স্কুলৰ হোমৱৰ্ক তথা ঘৰুৱা শিক্ষকে দিয়া পাঠবোৰ ভালদৰে নিখুঁতভাৱে অনুশীলন নকৰিলে শিক্ষা অৰ্জনৰ জ্ঞান সঠিকভাৱে আয়ত্ত কৰিব পৰা নাযায়৷ কিয়নো বৰ্তমান সময়ত শিক্ষা পদ্ধতিত সাংঘাতিক জটিলতা তথা অত্যন্ত টান পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা বাবে ইয়াৰ খৰচী মাৰি পঢ়িলে সেই বিষয়ত জ্ঞান অৰ্জন কৰাত জটিলতাই দেখা দিব পাৰে৷ ইয়াৰ বাবে ঘৰতে নিজেই সঠিকভাৱে, নিখুঁত অনুশীলন নকৰিলে বুজাত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে লিখা-পঢ়াৰ সময় উলিয়াই লৈ নিজে নিজৰ পাঠ্যক্ৰমৰ অনুশীলন কৰা উচিত৷ এতিয়া কথা হ’ল লিখা-পঢ়াৰ আদৰ্শ সময় কোনখিনি সময় ধৰা হয়৷ বহুতেই আকৌ ভাল ৰিজাল্ট কৰাৰ উদ্দেশ্যে গোটেই ৰাতি টোপনি ক্ষতি কৰি পঢ়াৰ টেবুলত বহি থাকে৷ আনহাতে বহু ছাত্ৰ-ছাত্ৰীয়ে দোকমোকালিতে উঠি পঢ়াৰ টেবুল বহে লিখা-মেলা কৰিবলৈ৷ এই ক্ষেত্ৰত গৱেষণাৰ পৰা পোৱা গৈছে যে গোটেই ৰাতি লেখা-মেলা কৰা শিক্ষাৰ্থীৰ সাফল্যৰ হাৰ পাঁচ শতাংশ আৰু দোকমোকালিতে উঠি পঢ়া-শুনা কৰা শিক্ষাৰ্থীৰ সাফল্যৰ হাৰ ৯৫ শতাংশ বুলি উল্লেখ কৰিছে৷ অৰ্থাৎ পুৱা সোনকালে উঠি পঢ়া-শুনা কৰিলে ভাল ফল পোৱা যায়, কিয়নো সেই সময়ত কোনোধৰণৰ হৈ-হাল্লা নাথাকি এক শান্ত সমাহিত পৰিৱেশৰ মাজত মন-মেজাজ শান্ত হৈ থাকে আৰু পঢ়াৰ প্ৰতি ধাউতি তথা উৎসুকতা যথেষ্ট বাঢ়ে আৰু যি পঢ়া হয় সকলোখিনিয়ে মনত ৰৈ যায়৷ ইয়াৰ ফলত শিক্ষাৰ্থী যথেষ্ট লাভান্বিতও হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here