ৰুবী ৰোমান নামৰ আঙুৰবিধ বিশ্বৰ আটাইতকৈ দামী আঙুৰ

0
177

আঙুৰ খাই প্ৰায় সকলোৱে ভাল পায়৷ ভাৰতত বিভিন্ন প্ৰজাতিৰ আঙুৰ পোৱা যায় আৰু ইয়াৰ দাম গুণ অনুসৰি হয়৷ কিন্তু এই পৃথিৱীত এনেকুৱা আঙুৰো আছে, যাৰ দাম শুনিলে আচৰিত নহৈ নোৱাৰে৷ এইবিধ আঙুৰ দৰিদ্ৰসকলে ক্ৰয় কৰিব নোৱাৰে বুলি ক’ব পাৰি৷ এই ৰঙা আঙুৰ য’তে-ত’তে নহয়৷ ইয়াৰ বাবে বিশেষ পৰিৱেশ তথা তাপৰ প্ৰয়োজন হয়৷ এই ৰঙা আঙুৰবিধৰ খেতি জাপানত কৰা হয়৷ ৰঙা আঙুৰবিধৰ খেতিৰ বাবে জাপানত উপযুক্ত পৰিৱেশ তথা তাপমান পোৱা যায়৷ ইয়াৰ এটা থোপাৰ দামেৰে প্ৰায় ডেৰশ গ্ৰাম সোণ কিনিব পাৰি৷ ৰুবী ৰোমান নামৰ এই আঙুৰবিধক বিশ্বৰ আটাইতকৈ দামী আঙুৰ বুলি কোৱা হয়৷ এই আঙুৰ জাপানৰ ইশ্বিকাৱাত কৰা হয়৷ এই আঙুৰবিধ বিক্ৰী কৰা নহয়, ইয়াৰ নিলামহে হয়৷ এই আঙুৰবিধক লৈ এটা কাহিনীও আছে৷ ১৯৯৫ চনত ইশ্বিকাৱাৰ কৃষকসকলে কৃষি বিজ্ঞানীসকলক আঙুৰৰ খেতিক লৈ গৱেষণা কৰিবলৈ আহ্বান জনাইছিল৷ তেতিয়া কৃষি বিজ্ঞানীসকলে আঙুৰৰ এই নতুন প্ৰজাতিটোৰ সৃষ্টি কৰে৷ এই আঙুৰবিধ দেখাত ৰঙা আৰু দাম কেইবা লাখ টকা৷ বিজ্ঞানীসকলে এই প্ৰজাতিটো তৈয়াৰ কৰোঁতে ১৪ বছৰ সময় লয়৷ তাৰ পাছত লাহে লাহে ইয়াৰ ৰং ৰঙা হৈ পৰে৷ তাৰ পাছত ইয়াৰ নাম ৰুবী ৰোমান ৰখা হয় আৰু ইশ্বিকাৱা নামেৰেও জনা যায়৷ এই প্ৰজাতিৰ আঙুৰৰ খেতি আৰম্ভ কৰা হৈছিল ২০০৮ চনত৷ তেতিয়া সাতশ গ্ৰামৰ এটা থোকৰ দাম আছিল ৭৩ হাজাৰ টকা৷ ২০১৬ চনত এটা থোকৰ দাম যথেষ্ট বৃদ্ধি পায়৷ বৰ্তমান এটা থোকৰ দাম প্ৰায় ৯ লাখ টকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here