চোৰে নেৰিলে আল্ট্ৰাছাউণ্ড মেচিনো: ক’ত, কেতিয়া ? Thieves did not spare even the ultrasound machine: where, when?

0
930
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা আল্ট্ৰাছাউণ্ড মেচিন চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, যোৱা ১২ অক্টোবৰৰ পূৰ্বেই চিকিৎসালয়খনৰ পৰা ৰহস্যজনকভাৱে আল্ট্ৰাছাউণ্ড মেচিনটো চুৰি হৈছিল যদিও এই কথাটো চিকিৎসালয় কৰ্তৃপক্ষই গোপনে ৰাখিছিল৷ ১৯ অক্টোবৰতহে এই তথ্য পোহৰলৈ আহে৷ বিগত দিনকেইটাত চিকিৎসালয়খনত ৰোগীৰ পৰীক্ষাৰ বাবে থকা আআল্ট্ৰাছাউণ্ড মেচিনটো অন্তৰ্ধান হোৱাৰ পাছত ৰোগীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ কিয়নো ৰোগীসকলে বিনামূলীয়াকৈ পোৱা এই সুবিধা লাভ কৰা নাই৷ ইপিনে তলাবন্ধ কোঠাৰ পৰা চোৰে কেনেকৈ আল্ট্ৰাছাউণ্ড মেচিন চুৰি কৰিলে তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে৷ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই আল্ট্ৰাছাউণ্ড মেচিন চুৰি হোৱা নাই বুলি ক’ব খোজে৷ অৱশ্যে তেওঁলোকে  আল্ট্ৰাছাউণ্ড মেচিনৰ এটা অংশ নাইকিয়া হয় বুলি স্বীকাৰ কৰে৷ ইতিমধ্যে ঘটনাটো আৰক্ষী থানাত চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা চিকিৎসালয়খনৰ তলাবন্ধ কোঠাটোৰ পৰা চোৰে কেনেকৈ আল্ট্ৰাছাউণ্ড মেচিনটো স্পৰ্শ কৰিবলৈ পালে এই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here