GMC-ৰ নলা পৰিষ্কৰণৰ কি এই ব্যয়বহুল পদক্ষেপ ? What is this costly sewerage cleaning project of GMC ?

0
1655
গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ কবলত পৰি ৰাইজ ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ এজাক বৰষুণতে মহানগৰীৰ প্ৰায়ভাগ অঞ্চল কৃত্ৰিম বানত ডুব যায়৷ মহানাগৰিক জীৱনৰ আভিজাত্য নিমিষতে থানবান কৰে কৃত্ৰিম বানে৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ এই সমস্যাক লৈ চৰকাৰে বহুবোৰ আঁচনি ঘোষণা কৰিলে যদিও সকলো অসাৰ প্ৰতিপন্ন হৈছে৷ সকলো চেষ্টা যে ব্যৰ্থ হৈছে এজাক বৰষুণ দিলেও ইয়াৰ প্ৰমাণ পোৱা যায়৷ ইয়াৰ বাবে অৱশ্যে ৰাইজেও সমানে দায়ী৷ নলা-নৰ্দমা পৰিষ্কাৰ কৰি ৰখাৰ পৰিৱৰ্তে ৰাইজে ইয়াতে জাবৰ-জোঁথৰ পেলাই এই সমস্যা বহুগুণে বৃদ্ধিহে কৰিছে৷ GMC কতৃৰ্পক্ষই সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও ফলপ্ৰসূ হ’ব পৰা নাই৷ এইবাৰ GMC-এ কৃত্ৰিম বানৰ সমস্যাৰ পৰা নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যে এক বিশেষ পন্থা হাতত লৈছে৷ ইতিমধ্যে GMC-ৰ তৰফৰ পৰা প্ৰায় চাৰিশজন শ্ৰমিক মহানগৰীৰ বিভিন্ন অঞ্চলত নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে নিয়োগ কৰিছে৷ আনহাতে গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে GMC-এ গুজৰাটৰ পৰা দুটা অত্যাধুনিক মেচিন ক্ৰয় কৰিছে৷ প্ৰতিটো মেচিনৰ মূল্য ডেৰ লাখ টকাকৈ ক্ৰয় কৰে৷ এই মেচিন দুটাৰ সহায়ত মহানগৰত নল-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ কাম দুই-এদিনৰ ভিতৰতে কৰা হ’ব৷ এই সকলো বিষয় জানিবলৈ দিয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here