চাওমিন সিদ্ধ কৰা পানী পেলাই দিয়ে নেকি ? Do you discard the water after boiling chowmein?

0
566
সাধাৰণতে বন্ধৰ বাৰত বা সময়-সুবিধা পালেই, বিশেষকৈ ঠাণ্ডাৰ দিনত চাওমিন বনাই খোৱাটো প্ৰায়ভাগেই পচন্দ কৰে৷ স্কুলৰ ল’ৰা-ছোৱালীৰ বাবে টিফিনত দিয়া মূল খাদ্য হৈছে চাওমিন৷ ইয়াৰ বাবে চাওমিন প্ৰথমে পানীত সিদ্ধ কৰি বনোৱা হয়৷ সিদ্ধ হোৱাৰ পাছত চাওমিনৰ পানীখিনি পেলাই দিয়া হয়৷ কিন্তু এতিয়াৰ পৰা আপুনি চাওমিনৰ সিদ্ধ পানীখিনি পেলাই নিদি জমা কৰি ৰাখক৷ কিয়নো চাওমিন সিদ্ধ পানী বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷ জানো আহক কি কি কামত ইয়াক ব্যৱহাৰ কৰা হয়৷

(১) বহুতে ঘৰতে পিজ্জা বনায়৷ পিজ্জা বনোৱাৰ সময়ত ইয়াৰ ময়দা মৰা কাৰ্যত যদি নিমখ আৰু তেল মিশ্ৰিত চাওমিন সিদ্ধ কৰা পানী ব্যৱহাৰ কৰে, তেন্তে পিজ্জাৰ ৰুটী নিমজ আৰু নৰম হয়৷


(২) শীতত কিছুমান পাচলিৰ চুপ বনাই খালে শৰীৰ সজীৱ হয়৷ এইধৰণৰ চুপ চাওমিন সিদ্ধ গৰম পানীৰে প্ৰস্তুত কৰি খালে চুপৰ সোৱাদ বৃদ্ধি পায়৷

Spaghetti Cooked In Boiling Water On A Gas Stove. Stock Photo, Picture And Royalty Free Image. Image 88679975.

(৩) কিছুমান শুকান মছলা আঞ্জাত দিলে কেৰাহীত লাগি ধৰে৷ তেতিয়া লাগি ধৰা মছলা কেৰাহীৰ পৰা গুচাবলৈ পানীৰ পৰিৱৰ্তে চাওমিন সিদ্ধ পানী দিব পাৰে৷ ইয়ে আঞ্জাখনৰ সোৱাদো বৃদ্ধি কৰে৷


(৪) ভাত ৰন্ধাৰ সময়ত যদি পানীৰ পৰিৱৰ্তে চাওমিন সিদ্ধ পানী ব্যৱহাৰ কৰে, তেন্তে ভাত সোনকালে সিজে৷


(৫) একেদৰে দাইলৰ ক্ষেত্ৰতো যদি দাইল বনোৱাৰ আগে আগে চাওমিন সিদ্ধ কৰা পানীত দাইলখিনি কিছু সময় তিয়াই থয়৷ তেতিয়াহ’লে দাইল সিদ্ধ হোৱাত বেছি সময় নলয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here