শীতত টোপনি বেছি হোৱাৰ কাৰণ কি? Why do we sleep more in winter?

0
1075

ঠাণ্ডাৰ দিনত বিছনাত গৰম কাপোৰ পাৰি শোৱাৰ মজাই বেলেগ৷ সমান্তৰালভাৱে শীতৰ ৰাতিপুৱা বিছনাৰ পৰা উঠিবও মন নাযায় লগতে টোপনিও অধিক হয়৷ পিছে ঠাণ্ডাৰ দিনত টোপনি অধিক কিয় হয়? এই কথা জানিবলৈ চেষ্টা কৰিছেনে? আপুনি হয়তো ভাবিব পাৰে যে ঠাণ্ডা লগাৰ বাবে আপোনাৰ টোপনি অধিক হয়৷

Should you get up early or sleep in during winter holidays?
  • আচলতে ঠাণ্ডাৰ দিনত ৰ’দৰ পৰিমাণ কমি যায় বাবে শৰীৰত ভিটামিন-D-ৰ অভাৱ হ’বলৈ ধৰে৷ ফলত শৰীৰ অলপতে ক্লান্ত হৈ টোপনিৰ ভাবে দেখা দিয়ে৷
  • লগতে ঠাণ্ডাৰ দিনত ৰ’দৰ পৰিমাণ কমাৰ ফলত মগজুৱে অধিক মেলাটনিন হৰমন উৎপন্ন কৰে৷ মেলাটনিন হৈছে এনে এক হৰমন, যিয়ে ভাল টোপনি অহাত সহায় কৰে৷ সেয়েহে শীতত ইয়াৰ অধিক নিঃসৰণৰ ফলত বেছিকৈ টোপনি ধৰে৷
  • ইয়াৰ উপৰি শীতত আমি এনেধৰণৰ খাদ্য খাওঁ, যিয়ে শৰীৰক শক্তি দিয়াৰ উপৰি দেহটোক গৰম কৰি ৰাখে৷ এইদৰে পেট ভৰাই খাদ্য খোৱাৰ ফলত দেহটোৱে অধিক ভাগৰ আৰু এলাহ অনুভৱ কৰে৷ যাৰ বাবে টোপনি অধিক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here