গ্ৰীষ্মকালত হোৱা এইবোৰ ৰোগৰ পৰা সাৱধান হওক

0
866

বতৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ৰোগবোৰে নিজৰ ৰূপ সলনি কৰে আৰু ঋতু সলনি হোৱাৰ লগে লগে ই গুৰুতৰ ৰূপ ধাৰণ কৰে৷ এনে কিছুমান ৰোগ আছে, যি গ্ৰীষ্মকালত মানুহক দ্ৰুতগতিত আক্ৰমণ কৰে৷ যদিও এই ৰোগবোৰ সচৰাচৰ নহয়, তথাপি  যদি সময়মতে চিকিৎসা কৰা নহয়, ই পাছত মাৰাত্মক ৰূপ ল’ব পাৰে৷ এই ৰোগবোৰৰ চিকিৎসা ঘৰুৱাভাৱে কৰা হয়, কিন্তু ইয়াৰ বাবে কেৱল সঠিক তথ্যৰ প্ৰয়োজন৷ গৰমৰ দিনত হ’ব পাৰে এই পাঁচবিধ আকস্মিক ৰোগ৷

হিট ষ্ট্ৰ’ক ঃ হিট ষ্ট্ৰ’ক হৈছে গ্ৰীষ্মকালৰ সচৰাচত হোৱা এবিধ ৰোগ৷ গৰমকালি শৰীৰত পানীৰ অভাৱত এইবিধ ৰোগ হোৱা দেখা যায়৷ সময়মতে চিকিৎসা নকৰিলে পাছত মাৰাত্মক হ’ব পাৰে৷ হিট ষ্ট্ৰ’ক খাদ্যত বিষক্ৰিয়া, জ্বৰ, পেটৰ বিষ আৰু বমিৰ দৰে সমস্যা আৰম্ভ হয়৷ সেয়ে সঠিক সময়ত ইয়াৰ চিকিৎসা কৰাটো খুবেই প্ৰয়োজন৷
গ্ৰীষ্মকালত এচিডিটি হৈছে আটাইতকৈ ডাঙৰ সমস্যা আৰু যাত্ৰা কালত যদি এচিডিটিৰ সমস্যা হয়, তেন্তে সাংঘাতিক অস্বস্তিত ভোগা দেখা যায়৷ এচিডিটিৰ ক্ষেত্ৰত বুকু জ্বলা-পোৰা কৰা, বুকুৰ বিষ, বমি আদিৰ দৰে সমস্যা হয়৷ এনে পৰিস্থিতিত বাৰে বাৰে যেতিয়া এই সমস্যাবোৰ হ’বলৈ ধৰে, পাছলৈ এই সমস্যাই গুৰুতৰ ৰূপ লয়৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সময়মতে খাদ্য গ্ৰহণ আৰু খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো খুবেই দৰকাৰ৷ এচিডিটি নিয়ন্ত্ৰণৰ বাবে আগতীয়াকৈ সতৰ্ক হোৱাৰ প্ৰয়োজন৷
গ্ৰীষ্মকালত শিশু আৰু প্ৰাপ্তবয়স্কৰ জণ্ডিচৰ আশংকা বৃদ্ধি পায়৷ জণ্ডিচক হেপাটাইটিছ-এ বুলিও কোৱা হয়৷ জণ্ডিচ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল দূষিত পানী আৰু দূষিত খাদ্য গ্ৰহণ কৰা৷ জণ্ডিচত আক্ৰান্ত হ’লে প্ৰস্ৰাৱ হালধীয়া হোৱা, নখ আৰু চকুও হালধীয়া বৰণৰ হয়৷ প্ৰাৰম্ভতে জণ্ডিচৰ চিকিৎসা নকৰিলে পাছলৈ এই ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰি মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷
গ্ৰীষ্ম কালৰ আৰম্ভণিত অৰ্থই যেন বসন্ত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা৷ গ্ৰীষ্মকালত বসন্ত ৰোগৰ আশংকা বৃদ্ধি পায়৷ বসন্ত ৰোগ হ’লে শৰীৰত ৰঙা ৰঙা দাগ পৰে, শৰীৰত খজুৱতি হয়৷ ইয়াৰ লগতে জ্বৰ, মূৰৰ বিষ, গাৰ বিষ, খজুৱতি আদি লক্ষণে দেখা দিয়ে৷ এনে সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰা জৰুৰী৷ এনে অৱস্থাত ৰোগীজনে কেতিয়াও ঘৰৰ বাহিৰলৈ ওলাব নালাগে৷ বিশুদ্ধ কপাহী কাপোৰেৰে গোটেই শৰীৰ ঢাকি ৰাখিব লাগে, যাতে ধূলি-বালিৰ পৰা শৰীৰটো ৰক্ষা পৰে৷ এটা আছুতীয়া কক্ষত অকলে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here