ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধত অতিষ্ঠ ৰাইজ

0
790

দিপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে যোৱা বছৰৰ আগষ্টৰ প্ৰথম সপ্তাহত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি মুকলিকৈ মহানগৰীৰ আৱৰ্জনা পেলোৱাক লৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ 
দিপৰ বিলৰ দুয়োপাৰৰ বৃহত্তৰ অঞ্চলটোৰ ১৬খন গাঁৱৰ ৰাইজ ডাম্পিং গ্ৰাউণ্ডৰ দুগন্ধত অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিগত সময়ছোৱাত পৌৰ নিগমে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই  প্ৰতিশ্ৰুতি ৰূপায়ণ নোহোৱাত দাঁতিকাষৰীয়া অঞ্চলসমূহত দুৰ্গন্ধই ছানি ধৰিছে৷  
ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজৰ আহ্বান মৰ্মে অঞ্চলটোৰ শতাধিক লোক হাতে হাতে বেনাৰ, প্লে’ কাৰ্ড লৈ ওলাই আহি পশ্চিম বৰাগাঁৱৰ বেলৰতলত  ডাম্পিং গ্ৰাউণ্ড সংযোগী পথত তিনি ঘণ্টা সময় প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ 
আনকি দুৰ্গন্ধ আঁতৰোৱাৰ বাবে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত বৈজ্ঞানিক পদ্ধতি ব্যৱস্থা গ্ৰহণ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷  ইফালে পৌৰ নিগমে যদি শীঘ্ৰে বৈজ্ঞানিক পদ্ধতিৰে দুৰ্গন্ধ আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৌৰ নিগমক আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ৰাইজে হুংকাৰ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here