গৌৰৱান্বিত অসমীয়া ! ISRO-ত নিযুক্ত প্ৰথমগৰাকী অসমীয়া বিজ্ঞানী নাজনিন Nazneen makes Assam proud by being the first Assamese scientist at ISRO

0
550
নগাঁও জিলাৰ জুৰীয়াৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO-ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিৱাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াছমিনে অন্ধ্ৰপ্ৰদেশৰ স্বাৰ শ্ৰীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে৷ উল্লেখ্য যে নাজনিন ইয়াছমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি স্থানীয় কদমনি টাউন হাইস্কুলৰ পৰা ২০০৭ চনত  মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁও চহৰৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান আলফাবিটা ছায়েন্স জুনিয়ৰ কলেজৰ পৰা ২০০৯ চনত বিজ্ঞান শাখাত কেইবাটাও বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ পাছত গুৱাহাটীৰ নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ চনত ইলেকট্ৰনিক বিষয়ত বি টেক আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এম টেক ডিগ্ৰী লাভ কৰে৷ বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান- প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা বৰ্ষতে অনুষ্ঠিত বাছনী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত ঘোষিত ফলত নাজনিন ইয়াছমিনে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে৷ ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি অহা ৩০ ডিচেম্বৰৰ পূৰ্বে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব ইয়াছমিনে৷ তেওঁ কয় যে ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি৷ সফলতা লাভৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান হেঙাৰ হ’ব নোৱাৰে৷ সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াছমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here