ফটা ওঁঠৰ বাদেও পেট্ৰ’লিয়াম জেলী আৰু ক’ত ব্যৱহাৰ কৰিব ? Apart from cracked lips, where else does petroleum jelly prove beneficial?

0
1287

শীতৰ সময়ত পেট্ৰ’লিয়াম জেলী লগত ৰখাটো প্ৰায় সকলো মানুহৰে অভ্যাস৷ বিশেষকৈ মহিলাসকলে বেগত প্ৰায়ে পেট্ৰ’লিয়াম জেলী ৰখা দেখা যায়৷ শীতৰ সময়ত হোৱা প্ৰধান সমস্যা – ফটা ওঁঠত পেট্ৰ’লিয়াম জেলী বিশেষভাৱে কাৰ্যকৰী৷ পিছে পেট্ৰ’লিয়াম জেলীৰ কাম ইমানেই নেকি? জানো আহক ইয়াক আৰু কি কি কামত ব্যৱহাৰ কৰিব পাৰি৷


(১) শৰীৰৰ কোনো অংশত আঘাত লাগি ছাল গ’লে পেট্ৰ’লিয়াম জেলী ব্যৱহাৰ কৰিব পাৰি৷


(২) নতুন জোতা পিন্ধাৰ আগতে পেট্ৰ’লিয়াম জেলী সানি ল’লে ভৰি কাটি ফোহা হোৱাৰ সম্ভাৱনা কম থাকে৷

12 Clever Uses of Petroleum Jelly You Never Knew - HTV


(৩) চকুৰ পতাত পেট্ৰ’লিয়াম জেলী সানিলে চকুৰ পতাৰ ছাল নৰম হয়৷ অকল চকুৱে নহয়, নৰম ছালৰ বাবে দেহৰ যিকোনো অংগতে পেট্ৰ’লিয়াম জেলী ব্যৱহাৰ কৰিব পাৰি৷


(৪) চুলিৰ আগত পেট্ৰ’লিয়াম জেলী সানিলে চুলি ফটা বন্ধ হয়৷

Haircare Tips: Petroleum jelly is beneficial not only for skin but also for hair, know-how - News Crab | DailyHunt


(৫) একেদৰে শিশুক ডাইপাৰ পিন্ধোৱাৰ ফলত হোৱা খজুৱতি, ৰঙা পৰা আদিতো পেট্ৰ’লিয়াম জেলী ব্যৱহাৰ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here