পথ সুৰক্ষাত সকলোৰে সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ || Chief Minister seeks people’s overwhelming support in ensuring road safety

0
1144
পথ সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা আৰু জনসচেতনতাৰে ৰাজ্যত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত অধিক গুৰুত্ব দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই৷ বিশেষকৈ অহা ৩১ ডিচেম্বৰত যাতে ৰাজ্যত এটাও পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত নহয়, সেই সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাইছে৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই ব্যতিক্ৰম আৰু গুৰুত্বপূৰ্ণ আহ্বানত সক্ৰিয় হৈ ইতিমধ্যেই ভাগে ভাগে সজাগতা অনুষ্ঠানৰ আয়োজন কৰি জনসাধাৰণৰ মাজত ব্যাপক সচেতনতা সৃষ্টি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷ ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত নাৰেংগীত অনুষ্ঠিত হয় এক সজাগতা অনুষ্ঠান৷ পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ আহ্বান জনায়৷ বিশিষ্ট শিল্পী দীপক শৰ্মাই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সজাগতা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধত সকলোৰে সহযোগিতা আহ্বান কৰে৷ ইয়াৰ লগতে মহানগৰৰ নামঘৰীয়া সমাজৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি তাল, খোল আৰু নাগাৰা বজাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here