গা ধোৱাৰ পাছতো Underarms-ৰ দুৰ্গন্ধ আঁতৰা নাই নেকি ? Odour in underarms even after taking bath?

0
408
     কম-বেছি পৰিমাণে আমাৰ সকলোৰে দেহৰ পৰা ঘাম বাহিৰ হয়, যিয়ে গাৰ বিশেষকৈ underarms-ৰ পৰা দুৰ্গন্ধ বাহিৰ কৰাত অৰিহণা যোগায়৷ এনেদৰে underarms-ৰ পৰা ওলোৱা দুৰ্গন্ধ যথেষ্ট অসহ্যকৰ হয়৷ কিছুমান মানুহে প্ৰয়োজনতকৈ বেছিকৈ ঘামে, যাৰ বাবে তেওঁলোকৰ ওচৰলৈ মানুহ যাবলৈকে টান পায়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেকেই সহজতে উপলব্ধ পাৰফিউম ব্যৱহাৰ কৰে৷ কিন্তু এই পাৰফিউম স্থায়ী সমাধান নহয়৷ যদি আপুনি এই সমস্যাৰ পৰা একেবাৰে পৰিত্ৰাণ পাবলৈ বিচাৰিছে, তেন্তে এই বিধানসমূহ মানি চলক৷

(১) এচামুচ নাৰিকল তেল আৰু এচামুচ নেমুৰ ৰস মিশ্ৰণ কৰি Underarms-ত লগাওক৷ Underarms-ৰ দুৰ্গন্ধ আঁতৰোৱাত ই উত্তম উপায়৷


(২) নাইবা পুৱা গা ধুই উঠি বা ৰাতি শোৱাৰ আগতে দৈনিক Apple Cider Vinegar-ত কপাহ ভিজাই লগালে Underarms-ৰ দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়া ধবংস হয়, যাৰ ফলত আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

Treat Smelly Underarms with Apple Cider Vinegar


(৩) Underarms-ৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি বেকিং ছ’ডাও ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে বেকিং ছ’ডা আৰু নেমুৰ ৰস মিশ্ৰণ কৰি তিনি মিনিটমান লগাই গা ধুই দিয়ক৷


(8) একেদৰে কুহুমীয়া গৰম পানীত অলপ সন্ধ্যা লোন মিশ্ৰণ কৰি গা ধুলেও Underarms-ৰ দুৰ্গন্ধ নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here