বানত মৃতকৰ সংখ্যা বৃদ্ধিলৈ চাই ৰে’ড এলাৰ্ট জাৰি : ক’ত? Red alert sounded due to rise in flood death toll: where?

0
1545
প্ৰবল বৰষুণে তাণ্ডৱ সৃষ্টি কৰা কেৰালাত পুনৰ বৃষ্টিপাতৰ আগজাননীয়ে ৰাজ্যখনৰ মানুহৰ মনত শংকাৰ সৃষ্টি কৰিছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত বৃষ্টিপাত হোৱাৰ সম্ভাৱনাৰ আগজাননী দি ৰাজ্যখনৰ ১১খন জিলাক সতৰ্ক কৰি দিছে৷ আনহাতে প্ৰবল বৰষুণে সৃষ্টি কৰা বান-ভূমিস্খলনৰ ফলত পৰিস্থিতি শোচনীয় হোৱাৰ সময়তে পানী বাঢ়ি অহাৰ বাবে ৰাজ্যখনৰ ১০টা বান্ধৰ সম্পৰ্কত ৰে’ড এলাৰ্ট জাৰি কৰা হৈছে৷ ইতিমধ্যে পঠানমথিট্টা জিলাৰ কক্কী বান্ধৰ দুখন শ্বাটাৰ খুলি দিয়া হৈছে৷ ইফালে ৰাজ্যখনত হঠাতে অহা ধল আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here