চমৎকাৰিতা : ৰাছিয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত খেতি

0
211


ৰাছিয়াত কৃষকসকলে কৃষি কাৰ্যত কৃত্ৰিম বুদ্ধিমত্তা [এ আই] ব্যৱহাৰ কৰি উপকৃত হোৱা পৰিলক্ষিত হৈছে৷ দেশখনত কৃত্ৰিম ইঞ্জিনীয়াৰিঙৰ সুযোগ লৈ কৃষকসকলে স্বয়ং চালিত ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ এই সম্পৰ্কত ৰাছিয়াৰ বাতৰি প্ৰতিষ্ঠান টাছে কয় যে নতুন প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি কৃষকসকল প্ৰত্যক্ষভাৱে উপকৃত হৈছে৷ টাছে ডেভেলপাৰ কগনিটিভ এগ্ৰো পায়লটৰ উদাহৰণ দি কয় যে ৰাছিয়াৰ কৃষি-ঔদ্যোগিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তি কৰি স্বয়ংচালিত ট্ৰেক্টৰ ব্যাপক হাৰত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চলাব পৰা ট্ৰেক্টৰ নিৰ্মাণ কৰা কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি ইয়াৰ ক’তো এনালগ নাই৷ কোম্পানীটোৰ মতে এনে ধৰণৰ ট্ৰেক্টৰ ব্যৱহাৰ কৰি উৎপাদন ২৫% বৃদ্ধি কৰিব পৰা যায়৷ ইয়াৰ লগতে সাৰ আৰু বীজৰ দৰে সামগ্ৰী ২০-৪০ণ পৰ্যন্ত ৰাহি কৰিব পৰা যায়৷ কগনিটিভ এগ্ৰো পাইলটে প্ৰকাশ কৰা অনুসৰি মাৰ্চৰ পৰা নৱেম্বৰলৈ মুঠ ৩১২খন ট্ৰেক্টৰ কৃষকসকললৈ উলিয়াই দিয়া হৈছে৷ ইয়াৰ সহায়ত ২৩ লাখ হেক্টৰতকৈ অধিক ভূমিত খেতি কৰা হৈছে৷ এই প্ৰণালী ব্যৱহাৰ কৰি কৃষকসকলে প্ৰতি ১ হাজাৰ হেক্টৰ ভুমিত কৰা খেতিৰ জৰিয়তে গড়ে ২৮,৭০০ ডলাৰ  ৰাহি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here