কৰ্কট ৰোগৰ অন্যতম কাৰণ পৰিৱেশ, খাদ্যাভ্যাস জীৱনশৈলী, জেনিটিক ফেক্টৰ

0
221

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত প্ৰথম ডাঃ ৰোহিণী কুমাৰ বৰকটকী স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ ‘কেঞ্চাৰ আৰু ইয়াৰ প্ৰতিৰোধ প্ৰতিকাৰ’ শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ডাঃ অমল কটকীয়ে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানৰ সভাপতিত্ব কৰে এ এম চিৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনে৷ স্মাৰক বক্তৃতা প্ৰদান কৰি ডাঃ অমল কটকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ তেওঁ কয় যে ২০২১ বৰ্ষত উত্তৰ-পূবত মুঠ ৪৫,২৭৯ গৰাকী কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমতে সৰ্বাধিক ৩৪,০৭৬ গৰাকী এনে ৰোগী চিনাক্ত কৰা হৈছে৷ আনহাতে মেঘালয়ত ২৩৯১ গৰাকী, ত্ৰিপুৰাত ২২৯৮ গৰাকী, মিজোৰামত ১৬৬১ গৰাকী, মণিপুৰত ১৬২৩ গৰাকী, নগালেণ্ডত ১৪৩৬ গৰাকী, অৰুণাচলত ১২৯০ গৰাকী আৰু ছিকিমত ৫০৪ গৰাকী চিনাক্ত কৰা হৈছে৷ ধঁপাতজাতীয় দ্ৰৱ্য সেৱন, গুট্‌খা খোৱাৰ অভ্যাসৰ উপৰি কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ অন্যতম কাৰণসমূহৰ ভিতৰত পৰিৱেশ, খাদ্যাভ্যাস জীৱনশৈলী, জেনিটিক ফেক্টৰ আদিও আছে বুলি তেওঁ কয়৷ ডাঃ কটকীয়ে বক্তৃতাত কৰ্কট ৰোগৰ প্ৰতিকাৰৰ সম্পৰ্কতো ব্যাখ্যা আগবঢ়ায়৷ মেডিকেল কলেজৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী, কেঞ্চাৰ প্ৰতিৰোধৰ বাবে কাম কৰি অহা প্ৰতিষ্ঠান ‘প্ৰতিশ্ৰুতি’ আৰু দীপশিখা ফাউণ্ডেশ্যন’ৰ সদস্যসকলে অংশ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here