পুনৰ ১০ কোটি টকাৰ হেৰ’ইন জব্দ : ক’ত ?

0
371

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৩১ নং [গ] ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰী দুটাক বংগৰ কোচবিহাৰৰ কোতৱালীৰ বাসিন্দা ছাইনুল মিঞা আৰু ৰাজু হুছেইন বুলি চিনাক্ত কৰা হৈছে৷ জানিব পৰা মতে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ডব্লিউ বি ৭৪ জেড ৫০১৬ নম্বৰৰ এখন মহিন্দ্ৰা এক্স ইউ ভি গাড়ীৰ পৰা প্ৰায় তিনি কিল’ ওজনৰ হেৰ’ইন জব্দ কৰাৰ লগতে গাড়ীৰ চালকসহ দুজনক গ্ৰেপ্তাৰ কৰে৷ হেৰ’ইনসমূহ গুৱাহাটীৰ পৰা বংগৰ কোচবিহাৰ অভিমুখে গৈ আছিল৷ জব্দকৃত ড্ৰাগ্‌ছৰ বজাৰ মূল্য দহ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে৷ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে শিমুলটাপু আৰক্ষী চকীত উপস্থিত হৈ জব্দকৃত হেৰ’ইনখিনিৰ লগতে হেৰ’ইন সৰবৰাহ কৰা বিলাসী বাহনখনো তন্নতন্নকৈ পৰীক্ষা কৰে৷ অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুটাক জেৰা কৰি থকা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here