কৰ্কট ৰোগীৰ বাবে অনলাইন প্লেটফৰ্ম : কেনহিল

0
271

কৰ্কট ৰোগী এগৰাকীৰ চিকিৎসা পৰ্যায় আৰু চিকিৎসাৰ পৰৱৰ্তী পৰ্যায়ত এই যুঁজৰ সৈতে অব্যাহত প্ৰক্ৰিয়াটোত হোৱা খৰচ আৰু কষ্ট কৰ্কট ৰোগীগৰাকীৰ লগতে ভুক্তভোগী পৰিয়ালটোৱেহে সঁচা অৰ্থত অনুভৱ কৰিব পাৰে৷ সেয়েহে এই পৰ্যায় বা প্ৰক্ৰিয়াটোত জড়িত হৈ কৰ্কট ৰোগীসকলক কিছু পৰিমাণে সহায়ৰ পথ দেখুওৱাৰ বাবে কৰ্কট ৰোগী আঞ্চুল শৰ্মাই শেহতীয়াভাৱে কেনহিল (canhealonline.com) শীৰ্ষক এনে এটা প্লেটফৰ্ম মুকলি কৰিছে, য’ত কৰ্কট ৰোগীসকলৰ বাবে প্ৰয়োজনীয় চুলি, চাল আৰু দেহ যতনৰ লগতে খাদ্য আৰু পৰিপুষ্টিজনিত ভালেমান উন্নতমানৰ জৈৱিক দ্ৰব্য সামগ্ৰী বহু কম দামত উপলব্ধ হয়৷ প্ৰসংগত কেনহিলৰ প্ৰতিষ্ঠাপক আঞ্চুল শৰ্মাই কয় যে ইণ্ডিয়ান কাউঞ্চিল অব্‌ মেডিকেলৰ প্ৰতিবেদন অনুযায়ী অসম, অৰুণাচল, মিজোৰামকে ধৰি উত্তৰ-পূবত থকা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক৷ তেওঁ লগতে কয় যে কৰ্কট ৰোগৰ চিকিৎসা পৰ্যায়ত গ্ৰহণ কৰা কেম'থেৰাপী, ৰেডিয়েশ্যন বা ঔষধৰ বাবে ৰোগীসকলে সম্পূৰ্ণ এশ শতাংশ প্ৰাকৃতিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে৷ তেওঁ যিহেতু নিজেই এগৰাকী কৰ্কট ৰোগী আৰু এই প্ৰক্ৰিয়াটোত জড়িত আছিল, সেয়েহে তেওঁৰ লগতে অন্যান্য কৰ্কট ৰোগীসকলৰ অভিজ্ঞতাৰ ভিত্তিত এই দ্ৰব্যসমূহ যোগান ধৰাৰ বাবে www.canhealonline.com শীৰ্ষক এই প্লেটফৰ্মখন মুকলি কৰিলে৷ উল্লেখ্য যে কৰ্কট ৰোগজনিত নানা দিশ বা সমস্যাসমূহ আলোচনা কৰাৰ বাবে কেনহিল শীৰ্ষক এক কমিউনিটি গঠন কৰা হৈছে৷ য’ত এই ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলৰ লগতে কৰ্কট ৰোগৰ বিষয়ে বিভিন্ন দিশত আলাপ-আলোচনা কৰা হয়৷ এই প্লেটফৰ্মত উপলব্ধ দ্ৰব্যসমূহ কেনহিলৰ নিজা উৎপাদিত আৰু আন কেতবোৰ কেনফেন, হাই লাইফ, ব্লিছ বক্স আদি কৰ্কট ৰোগৰ জনপ্ৰিয় ব্ৰেণ্ডৰ পৰা বাছনি কৰি সংগ্ৰহ কৰা ঔষধজাতীয় দ্ৰব্য অন্তৰ্ভুক্ত হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here