কেন্দ্ৰৰ ক’ভিডৰ নিষেধাজ্ঞা ২৮ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি

0
265

অ’মিক্ৰন ভেৰিয়েণ্টৰ কাৰণে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বৰ্তমানৰ ক’ভিড নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ ২৮ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছে৷ ৪০৭খন জিলাত এতিয়াও ক’ভিডৰ সংক্ৰমণ বেছি হৈ আছে আৰু পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ বেছি হৈ আছে৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ দিয়া এখন চিঠিত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই কয় যে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২২ লাখতকৈও বেছিলৈ বাঢ়িছে৷ গৰিষ্ঠসংখ্যক ৰোগীয়ে দ্ৰুত আৰোগ্য লাভ কৰিছে যদিও আৰু চিকিৎসালয়সমূহত ৰোগীৰ শতকৰা হাৰ কম যদিও সংক্ৰমণ অব্যাহত আছে৷ গতিকে বৰ্তমানৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা আৰু সজাগতা মানি চলাটো প্ৰয়োজন৷ বৰ্তমান চলি থকা নিষেধাজ্ঞাসমূহ ২৮ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰি তেওঁ সকলো মুখ্য সচিবক সকলো সতৰ্কতামূলক ব্যৱস্থা মানি চলিবলৈ আৰু ক'ভিড সংক্ৰান্তীয় নীতি-নিয়ম শিথিল নকৰিবলৈ ব্যৱস্থা ল’বৰ বাবে নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here