স্বাস্থ্য খণ্ডক অধিক গতি প্ৰদানৰ বাবে চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0
470

অসমৰ স্বাস্থ্য খণ্ডই আৰু অধিক গতি লাভ কৰিব৷ স্বাস্থ্য সেৱাক ৰাইজৰ ওচৰ চপাই নিয়াত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে [এন এইচ এম] গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে৷ ৰাজ্যত আৰু কমেও প্তটা এন এইচ এমৰ আঞ্চলিক কাৰ্যালয় অসম প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্থাপন কৰা হ’ব৷ এন এইচ এমে ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ মূল্যায়ন কৰিব আৰু স্বাস্থ্য সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ বাবে উন্নতমানৰ পথ নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগৰ সৈতে সমন্বয় সাধন কৰিব৷ জনতা ভৱনত  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকত জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা, জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক লগে লগে প্ৰমাণ-পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ 
অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তকে ধৰি স্বাস্থ্যখণ্ডৰ বিষয়ববীয়াসকল উপস্থিত আছিল৷ অসমত কেইবাগৰাকীও ‘ব্ৰেইন ডেড’ ৰোগীৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি অংগ সংস্থাপনৰ সুবিধাৰ বাবে ৰাজ্যত এক শক্তিশালী অংগ সংস্থাপন নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷ ৰাজ্যখনত স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন বিভাগসমূহে অধিক ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে মহিলা আৰু শিশুৰ স্বাস্থ্যৰ বাবে পুষ্টি কেন্দ্ৰসমূহক অধিক সক্ৰিয় কৰি তুলিব৷ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজিত হোৱা ১৫০খন এম্বুলেঞ্চৰ ভিতৰত ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ গ্ৰাম্য এলেকা আৰু চৰাঞ্চলত বাস কৰা ৰোগীসকলক বিনামূলীয়াকৈ জৰুৰীকালীন সেৱা প্ৰদান কৰাৰ লগতে ৰাজ্যত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here