কৰ’নাৰ তৃতীয় ঢৌ অনিবাৰ্য : আই এম এ

0
643
ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ IMA-এ কয় যে দেশত কৰ’না সংক্ৰমণৰ তৃতীয় ঢৌ অনিবাৰ্য৷ সংস্থাটোৱে দাবী কৰে যে দুই-তিনি মাহৰ ভিতৰত দেশত কৰ’নাৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ’ব৷ দেশত কভিডৰ তৃতীয় জোৱাৰৰ নিশ্চয়তা প্ৰদান  কৰি কয় যে ইয়াক কোনেও বাধা দিব নোৱাৰে৷ IMA-এ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কভিড বিধিবোৰ বলৱৎকৰণত অধিক কঠোৰ হ’বলৈ আহবান জনাইছে৷ এই মহামাৰীৰ সংকটকালত জনসাধাৰণে যথেষ্ট অসাৱধানতা অৱলম্বন কৰিছে৷ কোনোধৰণৰ কভিড বিধি নামানি ৰাস্তাই-ঘাটে-বজাৰে ঘূৰি ফুৰিছে, জনসমাগম সৃষ্টি আদিবোৰে কভিডৰ তৃতীয় ঢৌৰ দুৱাৰ মুকলি কৰি দিছে৷ এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনেও সোপাঢিলা নীতি গ্ৰহণ কৰিছে৷ ইয়াৰ সুযোগ পূৰ্ণমাত্ৰা গ্ৰহণ কৰি জনগণে কভিড প্ৰট’কল নামানি দেশক অধিক সংকটৰ মুখলৈ ঠেলি দিছে৷ সংস্থাটোৱে কয় যে সম্পূৰ্ণ কভিড টিকাকৰণ নকৰাকৈ জনসমাৱেশত অনুমতি দিলে ইয়ে কভিডৰ তৃতীয়টো লহৰক ত্বৰান্বিত কৰি তুলিব৷ IMA-এ বিশ্বৰ পৰিস্থিতি আৰু মহামাৰীৰ ইতিহাস অধ্যয়ন কৰি তৃতীয় ঢৌ অহাটো অনিবাৰ্য বুলি মত পোষণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here