কৃষকৰ বাবে সুখবৰ : ৰিম’টেৰে চলাব পৰা পাৱাৰটিলাৰ উদ্ভাৱন

0
285

শালি খেতিৰ বতৰত প্ৰখৰ ৰ’দ-বৰষুণৰ মাজেৰে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা কৃষকক সকাহ দিবলৈ দুলীয়াজানৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই সাজি উলিয়াইছে চালক অবিহনে পথাৰত চলাব পৰা এখন পাৱাৰটিলাৰ৷ দুলীয়াজানৰ মাজগাঁৱৰ নিৱাসী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ তথা অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী হীৰেন গগৈ আৰু জুৰী গগৈৰ একমাত্ৰ পুত্ৰ, দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ অয়ন গগৈক পঞ্চম শ্ৰেণীৰ পৰাই আকৰ্ষণ কৰিছিল বিভিন্ন ইলেকট্ৰনিক সামগ্ৰীয়ে৷
ছাত্ৰজনে গ্ৰাম্য পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱা হেতুকে দেউতাকৰ সৈতে পথাৰলৈ যাওঁতে ৰিমটৰ দ্বাৰা চলাব পৰা পাৱাৰটিলাৰ উদ্ভাৱনৰ বিষয়ে অৱগত কৰিছিল৷ কিন্তু ইলেকট্ৰনিক সামগ্ৰীৰ প্ৰতি আগ্ৰহী পুত্ৰৰ এই কথা পিতৃ হীৰেন গগৈয়ে প্ৰথমে হাঁহিমুখে আওকাণ কৰাত পুত্ৰ অয়নে নিজৰ জেদত পাছলৈ গাড়ীৰ গেৰেজৰ কিছুমান অব্যৱহৃত সামগ্ৰীৰে সাজি উলিয়ালে পাৱাৰটিলাৰখন৷ 
পিতৃয়ে খেতিৰ বাবে ক্ৰয় কৰা পাৱাৰটিলাৰখনতে গাড়ীৰ গেৰেজৰ পৰা বুটলি অনা অব্যৱহৃত সামগ্ৰী সংযোগ আৰু ৰিমটৰ বাবে ক্ৰয় কৰা প্ৰায় পাঁচ হাজাৰ টকা ব্যয়সাপেক্ষে চমক দিয়ে৷ কেৱল ৰিমটচালিত পাৱাৰটিলাৰেই নহয়, ড্ৰনো সাজি উলিয়াইছে ছাত্ৰজনে৷ এজন অভিযন্তা হোৱাৰ লক্ষ্য স্থিৰ কৰা অয়নে ইতিমধ্যে বিশেষভাৱে সমাদৰ লাভ কৰা ৰিমট কণ্ট্ৰল পাৱাৰটিলাৰৰ বাবে অলপতে ডুমডুমাত হোৱা প্ৰদৰ্শনীত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here