ছিৰামৰ ছাৰ্ভিকেল কেঞ্চাৰৰ ভেক্‌চিনলৈ অনুমোদন

0
435

ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক চমুকৈ ডি চি জি আই-এ ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াক ছাৰ্ভিকেল কেঞ্চাৰৰ বিৰুদ্ধে থলুৱাভাৱে বিকাশ ঘটোৱা ভাৰতৰ প্ৰথম কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিল’মাভাইৰাছ ভেক্‌চিন বা কিউ এইচ পি ভি তৈয়াৰ কৰিবৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে৷ 
ইয়াৰ আগতে ১৫ জুনত ক’ভিড-১৯ৰ বিষয় বিশেষজ্ঞ সমিতিয়ে চি এই ভেক্‌চিনৰ অনুমোদন জনাইছিল৷ ছিৰাম ইন্‌ষ্টিটিউটৰ সঞ্চালক প্ৰকাশ কুমাৰ সিঙে এই কথা জনায়৷ তেওঁ কয় যে ১৫ৰপৰা ৪৪ বছৰীয়া ভাৰতীয় মহিলাৰ ভিতৰত পোৱা বেছিকৈ কেঞ্চাৰবোৰৰ ভিতৰত ছাৰ্ভিকেল কেঞ্চাৰ আছে দ্বিতীয় স্থানত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here