কি ৰোগৰ কাৰণে মধুৰিআমৰ পাত অত্যন্ত কাৰ্যকৰী ? In which ailment do guava leaves prove most beneficial?

0
1218

মধুৰিআমৰ গুণাগুণৰ বিষয়ে নতুনকৈ দুনাই ক’বলগীয়া নাই৷ শাৰীৰিক বিভিন্ন সমস্যা সমাধানত মধুৰিআমে বিশেষ ভূমিকা পালন কৰে৷ জানি আচৰিত হ’ব যে মধুৰিআমৰ পাতো কিন্তু আমাৰ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল৷ বিশেষকৈ ডায়েবেটিছ বেমাৰৰ বাবে মধুৰিআমৰ পাত অত্যন্ত কাৰ্যকৰী৷ জানো আহক মধুৰিআমৰ পাতৰ গুণাগুণৰ বিষয়ে৷


(১) প্ৰতিদিনে মধুৰিআমৰ পাতৰ ৰস খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে৷ মধুৰিআমৰ পাতৰ ৰস নিয়মিতৰূপে খালে তেজত শৰ্কৰাৰ মাত্ৰা কমে৷ ইয়াত থকা বায়’অক্টিভ যৌগই শৰীৰৰ কাৰ্বহাইড্ৰেট শোষণ কৰে৷ ফলত শৰ্কৰাৰ লেভেল কমি থাকে৷

Guava Leaves for Weight Loss – Dry leaf mixed with honey


(২) মধুৰিআমৰ পাতৰ ৰস সেৱনৰ ফলত প্লাজমাত কলেষ্টৰেলৰ স্তৰ কম হয়৷ ফলত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷


(৩) যিসকলৰ অত্যধিক চুলি সৰিছে, তেওঁলোকে ৫-৬ টা মধুৰিআমৰ পাত সিদ্ধ কৰি ৰসখিনি চুলিত লগাওক৷ চুলি সৰা বন্ধ হ’ব৷

Amazing Benefits of Using Guava leaves for hair | Divine Beauty Tips


(৪) ডেংগু ৰোগৰ বাৰে মধুৰিআমৰ পাত খুব উপকাৰী৷ ইয়াৰ ৰস সেৱন কৰিলে প্লেটলেট বাঢ়ে লগতে ৰক্তক্ষৰণৰ পৰা সুৰক্ষা দিয়ে৷


(৫) মনত ৰাখিব খালী পেটত মধুৰিআমৰ পাতৰ ৰস সেৱন নকৰিব৷ ই এচিড উৎপন্ন কৰি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here